কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৰঙিয়া মহকুমাৰ ভেহবাৰী অঞ্চলত পুঠিমাৰী নদীৰ মথাউৰি সবলীকৰণৰ জৰিয়তে বান প্ৰতিৰোধী আচঁনিখনৰ শুভ উদ্বোধন কৰে । ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ শিতানত ৰঙিয়া জলসম্পদ উপ-সংমণ্ডলৰ অধীনত ৰূপায়িত এই আচঁনিৰ জৰিয়তে পুঠিমাৰী নদীৰ বাওঁপাৰৰ বান নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
অনুষ্ঠানত জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।