আন্তৰ্জাতিক মহাকাশ আস্থানত প্ৰথমখন চলচ্চিত্ৰৰ দৃশ্য গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতেই ৰাছিয়ান চলচ্চিত্ৰকাৰ ক্লিম শ্বিপেনক’ৱে এইবাৰ মংগল গ্ৰহ আৰু চন্দ্ৰত ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিছে।
অলপতে আন্তৰ্জাতিক মহাকাশ আস্থানত ১২ দিন দৃশ্য গ্ৰহণৰ মূৰত ক্লিম আৰু য়ুলিয়া পৃথিৱীলৈ ঘূৰি আহিছে। ইতিমধ্যে দ্য চেলেঞ্জ শীৰ্ষক ছবিখনে পৃথিৱীৰ বাহিৰত দৃশ্য গ্ৰহণ কৰা প্ৰথম ছবি হিচাপে পৰিগণিত হৈছে।
পৃথিৱীলৈ ঘূৰি অহাৰ পিছত ছবি নিৰ্মাতাজনে জনাই যে ষ্টুডিঅ’ত দৃশ্য গ্ৰহণৰ পৰিৱৰ্তে তেওঁলোকে প্ৰকৃত ঠাইলৈ গৈ দৃশ্য গ্ৰহণ কৰিব। পৰৱৰ্তী কালত চন্দ্ৰৰ ওপৰত নিৰ্মিত ছবিৰ দৃশ্য গ্ৰহণ চন্দ্ৰপৃষ্ঠলৈ গৈ সংগ্ৰহ কৰিব। মংগল গ্ৰহৰ ওপৰত নিৰ্মিত ছবিৰ দৃশ্য সংগ্ৰহ মংগল গ্ৰহলৈ গৈ দৃশ্য গ্ৰহণ কৰিব।