মধ্যপ্ৰদেশৰ শক্তি বিভাগৰ দায়িত্বহীনতাৰ বাবেই চিকিৎসালয়ত ভর্ত্তি হ’বলগীয়া হৈছে এজন লোক ৷ মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ এজন ব্যক্তিলৈ কেইবা কোটি টকাৰ ভুৱা বিল প্ৰেৰণ কৰাৰ ফলতে সংঘটিত হয় এই ঘটনা ৷ ঘটনাৰ বিবৰনী অনুসৰি গোৱালিয়ৰৰ বাসিন্দা প্ৰিয়ংকা গুপ্তাই যোৱা ২০ জুলাইত লাভ কৰে ৩,৪১৯ কোটি টকাৰ বিদ্যুৎ বিল ৷ এই বিল লাভ কৰাৰ পাছতে হতভম্ব হৈ পৰা প্ৰিয়ংকাৰ শহুৰেক অসুস্থ হৈ পৰে আৰু তেওঁক হাস্পতালত ভর্ত্তি কৰিবলগীয়া হয় ৷ কেবল জুলাই মাহৰ বাবে বৃহৎ পৰিমানৰ বিল লাভ কৰি হতভম্ব হৈ পৰা পৰিয়ালটোৱে প্ৰথমে পর্টেলত অনলাইন প্ৰক্ৰিয়াৰে পুনৰ পৰীক্ষা কৰে বিজুলী বিল ৷ কিন্তু পর্টেলটো একে পৰিমানৰ বিল প্ৰত্যক্ষ কৰাৰ পাছত তেওঁলোকে শক্তি বিভাগৰ সৈতে যোগাযোগ কৰে ৷
মধ্যপ্ৰদেশ চৰকাৰৰ পৰিচালিত শক্তি কোম্পানীটোৱে এয়া কর্মচাৰীৰ ভুল বুলি স্পষ্টীকৰণ প্ৰকাশ কৰে ৷ প্ৰকৃতার্থত তেওঁলোকৰ লাইটৰ বিল ১৩০০ টকা হ’ব লাগিছিল বুলি প্ৰকাশ কৰে সংশ্লিষ্ট প্ৰশাসনে ৷ ইয়াৰ পাছতহে চহৰখনৰ শিৱ বিহাৰ কলনীৰ বাসিন্দা গুপ্ত পৰিয়ালে সকাহ লাভ কৰে ৷ প্ৰিয়ংকাৰ স্বামী সঞ্জীৱ কংকনে কয় যে জুলাই মাহৰ ঘৰুৱা ব্যৱহাৰৰ বাবে বিদ্যুৎ বিলৰ বিশাল পৰিসংখ্যা দেখি তেওঁৰ পিতৃ অসুস্থ হৈ পৰিছিল।
এম পি এম কে ভি ভি চিৰ জেনেৰেল মেনেজাৰ নীতিন মাংলিকে বৃহৎ বিদ্যুৎ বিলখন কর্মচাৰীৰ ভুলৰ বাবে লাভ কৰা বুলি উল্লেখ কৰি সংশ্লিষ্ট কৰ্মচাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ তেওঁ কয় “এজন কৰ্মচাৰীয়ে চফটৱেৰত ব্যৱহাৰ কৰা ইউনিটৰ সলনি গ্ৰাহক নম্বৰ অন্তর্ভুক্ত কৰিছিল, যাৰ ফলত বিলখনত অধিক পৰিমাণৰ মাচুল লাভ কৰিছিল ৷ ১৩০০টকা ৰ সংশোধিত বিলখন গ্ৰাহকক পুনৰ প্ৰদান কৰা হৈছে ৷ “