সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা উত্তৰ প্ৰদেশৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ আজি পুৱা দেহাৱসান ঘটে ৷ দিল্লীৰ মেদান্ত হাস্পতালত চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ । প্ৰয়াত মুলায়ম সিঙৰ পুত্ৰ অখিলেশ যাদৱে টুইটযোগে এই কথা সদৰী কৰে ৷ বিগত কেইবাদিনো ধৰি গুৰুতৰভাৱে অসুস্থ হৈ থকা সিঙক গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত জীৱন ৰক্ষাকাৰী ঔষধ প্ৰদান কৰি চিকিৎসা অব্যাহত ৰখা হৈছিল ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীন ৰাজনীতিবিদ গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰি কয় – “মুলায়ম সিং যাদৱৰ মৃত্যুত মই দুখ অনুভৱ কৰিছো ৷ বিনম্ৰী ৰাজনৈতিক নেতা হিচাপে তেওঁ বহুলভাৱে প্ৰশংসিত হৈছিল।” উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিতানাথে গভীৰ দুখ অনুভৱ কৰা বুলি উল্লেখ কৰি ৰাজ্যত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰে।
উল্লেখ্য যে তেওঁ কিছুদিন ধৰি সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আছিল ৷ ২০১৭ চনৰ পৰা তেওঁৰ পুত্ৰ অখিলেশে দলটোৰ নেতৃত্ব প্ৰদান কৰি আহিছে ৷ সমাজবাদী পাৰ্টিৰ বাবে মুলায়ম সিং যাদৱ আছিল “নেতা-জী” ৷ উত্তৰ প্ৰদেশৰ অন্যতম শীৰ্ষ ৰাজনীতিবিদ মুলায়ম সিং ১৯৯৬-৯৮ চনত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীও আছিল।
১৯৩৯ চনৰ ২২ নৱেম্বৰত জন্মগ্ৰহণ কৰা মুলায়ম সিং যাদৱে প্ৰথমে ১৯৬৭ চনত বিধায়ক হৈছিল।বিধায়ক হিচাপে দ্বিতীয় কাৰ্যকালত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল আৰু বহু বিৰোধী নেতাৰ দৰে মুলায়ম সিঙো জেললৈ গৈছিল।
১০ বাৰ বিধায়ক আৰু ৭ বাৰ লোকসভা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল মুলায়ম সিং যাদৱ । প্ৰাক্তন মল্লযুঁজাৰু মুলায়ম সিং যাদৱ এজন চতুৰ ৰাজনীতিবিদ হিচাপে পৰিচিত আছিল ৷
দীঘলীয়া ৰাজনৈতিক কেৰিয়াৰত তেওঁ একাধিক দলৰ সৈতে জড়িত আছিল ৷ তেওঁৰ গুৰু ৰাম মনোহৰ লোহিয়াৰ সংযুক্ত সমাজবাদী পাৰ্টি, চৰণ সিঙৰ ভাৰতীয় ক্ৰান্তি দল, ভাৰতীয় লোকদল আৰু সমাজবাদী জনতা পাৰ্টিৰ সৈতে তেওঁ জড়িত আছিল । ১৯৯২ চনত তেওঁ সমাজবাদী পাৰ্টী প্ৰতিষ্ঠা কৰিছিল।১৯৯৬ চনত বিৰোধী দলসমূহে কংগ্ৰেছৰ বিকল্প হিচাপে অবিজেপি চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰাৰ সময়ত মুলায়ম সিং যাদৱ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে চর্চিত হৈছিল ৷