আমেৰিকাস্থিত ৰিছাৰ্চ ফাৰ্ম মৰ্ণিং কঞ্চাল্টে প্ৰকাশ কৰা “গ্ল’বেল লীডাৰ এপ্ৰুভেল” তালিকাত শীৰ্ষস্থান লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই। সৰ্বমুঠ ৭০% ৰেটিঙেৰে মোডী ডাঙৰীয়াই জ’ বাইদেন, বৰিছ জনছনৰ দৰে বিশ্বৰ ১৩জনকৈ অতি শক্তিশালী নেতাক পিছ পেলাইছে।
মোডী ডাঙৰীয়াৰ পিছতে আছে ক্ৰমে মেক্সিক’ৰ ৰাষ্ট্ৰপতি ল’পেজ অব্ৰেডৰ, ইটালীৰ প্ৰধানমন্ত্ৰী মেৰিঅ’ দ্ৰাঘি, জাৰ্মান চেঞেলৰ এঞ্জেলা মাৰ্কেল, স্কট মৰিছন, জাষ্টিন ট্ৰুডিয়াও, জ’ বাইডেন, ফুমিক’ কিছিডা, মুন জা ইন, বৰিছ জনছন, পেড্ৰ’ চানছেজ, ইমানুৱেল মেক্ৰন, জইৰ ব’লচোনাৰো আছে ১৩ তম স্থানত।
২০১৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আলোচনীৰ দ্বাৰা প্ৰকাশিত তালিকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়া বিশ্বৰ আটাইতকৈ শক্তিশালী নেতা হিচাপে স্বীকৃতি দিছিল।