নেশ্যনেল হেৰল্ড কাকতৰ সৈতে জড়িত অবৈধ ধন সৰবৰাহৰ গোচৰত এনফর্চমেণ্ট সঞ্চালকালয়ে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু সাংসদ ৰাহুল গান্ধীক সোধা-পোছা কৰাৰ পাছত আজি তদন্তকাৰী সংস্থাটোৱে দিল্লীস্থিত কাকতখনৰ কাৰ্যালয়কে ধৰি প্ৰায় ১২টা স্থান আৰু এছ’চিয়েটেড জাৰ্নেলছ লিমিটেডৰ সৈতে জড়িত আন কেইবাটাও চৌহদত অভিযান চলায় ৷ তদন্তকাৰী সংস্থাটোৱে অনুসন্ধানৰ পিছত এই সম্পত্তিসমূহ বাজেয়াপ্ত কৰাৰ সম্ভাৱনা আছে।
অৱশ্যে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত বিৰোধীৰ প্ৰশ্নই চৰকাৰক সমস্যাত পেলোৱাৰ পাছত চৰকাৰে প্ৰতিশোধ ৰাজনীতি কৰি ছোনিয়া গান্ধীক জেৰা কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে ৷ কংগ্ৰেছে কয় যে দেশবাসীক উত্তৰ দিবলৈ চৰকাৰ অক্ষম সেয়েহে অস্বস্তিকৰ প্ৰশ্ন কৰা সকলক ব্লেকমেইল কৰাৰ প্ৰয়াস কৰা হৈছে ৷ কংগ্ৰেছৰ মুখপাত্ৰ চৈয়দ নাছিৰ হুছেইনে কয় যে কেৱল কংগ্ৰেছেই নহয়, কেইবাটাও বিৰোধী দলৰ নেতাক হাৰাশাস্তি কৰা হৈছে।
যোৱা মাহৰ শেষৰ ফালে তিনিদিনত ১২ ঘণ্টাত ১০০ৰো অধিক প্ৰশ্ন কৰা হৈছিল ছোনিয়া গান্ধীক। ইয়াৰ পূৰ্বে তেওঁৰ পুত্ৰ তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক ৫ দিন সোধা-পোছা কৰা হৈছিল ৷তেওঁক প্ৰায় ১৫০টা প্ৰশ্ন কৰা হৈছিল।
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰা নেচনেল হেৰল্ড কাকতখন পৰিচালনা কৰা কোম্পানী এছ’চিয়েটেড জাৰ্নেলছ লিমিটেড (এজেএল) ইয়ং ইণ্ডিয়ানে ক্ৰয় কৰাৰ পাছত হোৱা অনিয়মক লৈ ৰুজু হোৱা গোচৰটোৰ তদন্ত অব্যাহত আছে ৷