VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাসৰ বৰ্ণিল অনুষ্ঠানৰ আয়োজন

voicedesk by voicedesk
July 12, 2023
in মুখ্য সংবাদ
অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাসৰ বৰ্ণিল অনুষ্ঠানৰ আয়োজন
0
SHARES
93
VIEWS
Share on FacebookShare on Twitter

১১জুলাই, গুৱাহাটীঃ অসমৰ জাতীয় জীৱনৰ বিভিন্ন কৰ্মৰে সমাজলৈ আগবঢ়াই ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাস আগন্তুক দিনত গ্ৰহণ কৰা দুটি বিস্তৃত কাৰ্যসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ উদ্দেশ্যে গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত ১১ জুলাইত বিয়লি ৩ বজাত এখনি বিশেষ আলোচনা-সত্ৰ আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ৰাজীৱ হৰি কৌশিকে অনুষ্ঠান সম্পৰ্কত সদৰি কৰি কয় যে,
অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাসৰ সামগ্ৰিক পৰিকল্পনাত অসমৰ জাতীয় সংগীত প্ৰসাৰ আৰু প্ৰচাৰ সেৱা দলৰ বলিষ্ঠ নেতৃত্বত ১১১ বছৰীয়া অসমৰ জাতীয় সংগীত ইতিহাসৰ গৱেষণামূলক তথ্য ২০২১ চনত সগৌৰৱে প্ৰতিষ্ঠা কৰে।

লগতে ন্যাসে আগন্তুক দিনত INDIGENOUS RAMA RESEARCH FOUNDATION, Guwahati ৰ উদ্যোগত চতুৰ্দশ শতিকাত অপ্ৰমাদী কবি মাধৱ কন্দলী বিৰচিত সপ্তকাণ্ড ৰামায়ণৰ আধাৰত এখন ৬০ মিনিট সময় দৈৰ্ঘ্যৰ তথ্যচিত্ৰ নিৰ্মাণেৰে অহা ২০২৪ চনৰ ১৪ জানুৱাৰীত বিশ্বজোৰা প্ৰদৰ্শনৰ লক্ষ্য ৰাখিছে। অসমীয়া ৰামায়ণী সাহিত্যৰ প্ৰচাৰ আৰু প্ৰচাৰৰ অৰ্থে ন্যাসে নগাওঁ জিলাত মহাকবি মাধৱ কন্দলীৰ ২০ ফুট উচ্চতাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্ত্তি স্থাপন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু লগতে মৰিগাওঁ জিলাত অসমীয়া ৰামায়ণীয় ৰামকথা চৰ্চা কেন্দ্ৰ ৰূপে “প্ৰভু শ্ৰীৰাম তীৰ্থপীঠ” স্থাপন কৰিব বিচাৰি অসম চৰকাৰলৈ ইতিমধ্যে আৱেদন আগবঢ়াইছে। কামৰূপীয় পাঠৰ জাতীয় কবি মাধৱ কন্দলী বিৰচিত “সপ্তকাণ্ড ৰামায়ণ”লৈ বিশ্বলোকৰ পুষ্পাঞ্জলি নিবেদনৰ বাৰ্ষিক কাৰ্যসূচী অহা ২০ ছেপ্টেম্বৰ ২০২৩ তাৰিখে ( ২ আহিন, বুধবাৰ, শুক্লা পঞ্চমী তিথি) গুৱাহাটী চানমাৰি মিলনপুৰ শ্ৰীশ্ৰীহৰিহৰ শিৱ মন্দিৰ প্ৰাঙ্গনত শ্ৰীশ্ৰী নীলসৰস্বতী দেৱীৰ যজ্ঞাহুতি প্ৰদান কৰিব।লগতে আগন্তুক দিনত অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাসে ASSAMESE GRAMOPHONE RECORDS MUSICAL WELFARE SOCIETY ৰ উদ্যোগত ২০২৪ বৰ্ষটি অসমীয়া গীতৰ গ্ৰামোফোন ৰেৰ্কডৰ শতবৰ্ষ উদযাপনৰ ৰাষ্ট্ৰজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে। প্ৰথম অসমীয়া গ্ৰামোফোন ৰেৰ্কডত কন্ঠদান কৰা শিল্পী প্ৰফুল্ল চন্দ্ৰ বৰুৱায়ে ১৯২৪ চনত শাৰদীয় পূজাৰ সময়তে গীতিকাৰ প্ৰসন্নলাল চৌধুৰীৰ গীত” ফুলো ফুলিলে জোনায়ে হাঁহিলে বাঁহীয়ে ধৰিলে গান” গীতটি কন্ঠশিল্পী বৰুৱাই নিজে সুৰাৰোপিত কৰি গ্ৰামোফোন ৰেকৰ্ড বাণীবন্ধন কৰিছিল।’হিট মাষ্টাৰ ভয়েজ’ (̊H̊M̊V̊)̊ ৰেকৰ্ড কোম্পানীয়ে ৰেকডিং কৰাই অসমৰ সংগীত জগতৰ এক ঐতিহাসিক পৰিঘটনাৰ ৰূপে সৰ্বকাললৈ চিহ্নিত কৰিলে।উত্তৰ-পূব ভাৰতৰ বাণীবন্ধন গীতৰ শতবৰ্ষ (১৯২৪-২০২৪)ৰ আয়োজন কৰাৰ উদ্দেশ্যে ন্যাসে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে।
অসমৰ জাতীয় সংগীত মন্দিৰ শৈক্ষিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী ৰাজীৱ হৰি কৌশিকে লগতে জনাইছে যে, আগন্তুক দিনৰ কাৰ্যসূচী ৰূপায়িত কৰিবলৈ অসমৰ জাতীয় সংগীত প্ৰসাৰ আৰু প্ৰচাৰ সেৱা দল, গুৱাহাটীৰ সভাপতি ড০ ষড়ানন দেউৰী, খিলঞ্জীয়া ৰামায়ণ গৱেষণা প্ৰতিষ্ঠান,গুৱাহাটীৰ সভাপতি সত্যেন্দ্ৰ নাথ শৰ্মা আৰু
অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ সাংগীতিক কল্যাণ সমাজৰ সভাপতি জ্যোতি কাকতীৰ সভাপতিত্ব বিস্তৃত পূৰ্ণাংগ সমিতি গঠন অসমবাসী লোকৰ পূৰ্ণ সহযোগিতাত ৰূপায়ণ কৰিব। অনুষ্ঠানৰ মুখ্য সাংগঠনিক পৰামৰ্শদ্বয় হৰি বৰাল আৰু মনমোহন গগৈয়ে আগন্তুক দিনৰ বিস্তৃত কাৰ্যসূচীত জাতি , ভাষা, বৰ্ণ, ধৰ্ম নিবিশেষে সকলো লোকৰ সহায়-সহযোগিতা কামনা কৰিছে।

শিশুশিল্পী প্ৰজ্ঞানজ্যোতি বশিষ্ঠই পৰিৱেশন কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতে আৰম্ভ হোৱা আলোচনা-সত্ৰৰ অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট জ্যেষ্ঠ সমাজকৰ্মী হৰিচৰণ শৰ্মাই ।অনুষ্ঠানতে”সাপ্তাহিক অ’ মোৰ চিকুণি দেশ” কাকতৰ বিশেষ সংখ্যা উন্মোচন
অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক বীৰেন্দ্ৰ নাথ শৰ্মা। অনুষ্ঠানতে অসম চৰকাৰৰ অসামৰিক বঁটা “অসম গৌৰৱ” ২০২২ বৰ্ষৰ প্ৰাপক তথা অসমৰ জাতীয় সংগীত প্ৰসাৰ আৰু প্ৰচাৰ সেৱা দলৰ অন্যতম সদস্য ধৃতিমালা ডেকালৈ ন্যাসে বিশেষ অভিনন্দন জনায়। শংকৰদেৱৰ শিশু নিকেতনৰ ছাত্ৰী শ্ৰেয়সী গোস্বামীয়ে ৰামায়ণী সাহিত্যৰ শ্লোক পাঠৰে পাতনি মেলা বিশেষ অনুষ্ঠানতে তথ্যচিত্ৰৰ মুখ্য চিত্ৰনাট্যৰ উপদেষ্টা তথা গৱেষক অসমীয়া ৰামায়ণী সাহিত্যৰ অন্যতম গৱেষক, লেখক ত্ৰৈলোক্য মোহন নাথলৈ ন্যাসে আনুষ্ঠানিক সাদৰ-সম্ভাষণ জনোৱাৰ লগতে ভাস্কৰ্য শিল্পী লক্ষ্যজিৎ বৰালৈও সাদৰ-সম্ভাষণ আগবঢ়ায়।

অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন‌ গ্ৰহণ কৰে বড়ো প্ৰাক্তন সভাপতি, বড়ো সাহিত্য সভা তথা সাহিত্য অকাডেমিৰ বড়ো ভাষাৰ পৰামৰ্শদাতা পৰিষদৰ আহ্বায়ক তৰেন বড়োয়ে। ন্যাসৰ হৈ শিল্পী মীতালি শৰ্মাই আঁত ধৰা অনুষ্ঠানত বাৰ্ষিক বঁটা অনুষ্ঠানত পাঠ্যপুথি প্ৰণয়ন সমৃদ্ধি সেৱা বঁটা গুৱাহাটীৰ চন্দ্ৰমা বৰকটকী জীৱন জোৰা প্ৰেৰণা বঁটা গুৱাহাটীৰ হৰিচৰণ শৰ্মা আৰু
অসমৰ জাতীয় স্মাৰক বঁটা ‘২০২৩ গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱ নিৰ্বাচিত সভাপতি সুস্মিতা গোস্বামীলৈ আগবঢায়।

Previous Post

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

Next Post

দিল্লীত মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহৰ অঞ্চলো প্লাৱিত, দেশৰ ৰাজধানীত অভাৱনীয় পৰিস্থিতি

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দিল্লীত মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহৰ অঞ্চলো প্লাৱিত, দেশৰ ৰাজধানীত অভাৱনীয় পৰিস্থিতি

দিল্লীত মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহৰ অঞ্চলো প্লাৱিত, দেশৰ ৰাজধানীত অভাৱনীয় পৰিস্থিতি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7