শনিবাৰে পাটিয়ালা কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ব পঞ্জাৱ কংগ্ৰেছৰ শীৰ্ষ নেতা নৱজোৎ সিং সিদ্ধুক ৷৩৪ বছৰ পূৰ্বে এজন লোকক হত্যা কৰা গোচৰত উচ্চতম ন্যায়ালয়ে এবছৰৰ কাৰাদণ্ড বিহিছিল পঞ্জাৱ কংগ্ৰেছৰ শীৰ্ষ নেতা নৱজোৎ সিং সিদ্ধুক ৷কাইলৈ পটিয়ালা জেলৰ পৰা মুকলি কৰি দিয়া হ’ব বুলি তেওঁৰ অফিচিয়েল একাউণ্টৰ পৰা টুইটত প্ৰকাশ পাইছে। সংবাদ সংস্থা পিটিআইয়ে জনোৱা মতে, তেওঁৰ অধিবক্তা এইচ পি এছ বাৰ্মাইও এই কথা নিশ্চিত কৰিছে।
বাৰ্মাই কয় যে পঞ্জাৱ কাৰাগাৰৰ নিয়ম অনুসৰি ভাল আচৰণ কৰা দোষীয়ে সাধাৰণ ক্ষমাৰ অধিকাৰী। তেওঁৰ উদ্ধৃতিৰে পিটিআইয়ে কয় যে শনিবাৰে তেওঁক পাটিয়ালা জেলৰ পৰা মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে ৷ ৰাজ্যিক নিৰ্বাচনত নিজৰ দলৰ পৰাজয়ৰ পিছত পঞ্জাৱ কংগ্ৰেছৰ মুৰব্বী পদ এৰি দিয়া ৫৯ বছৰীয়া ক্ৰিকেটাৰগৰাকীক যোৱা বছৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে এবছৰৰ “সশ্ৰম কাৰাদণ্ড”ৰ নিৰ্দেশ দিছিল।
১৯৮৮ চনত সিদ্ধু আৰু তেওঁৰ বন্ধুৰ সৈতে হোৱা কাজিয়াৰ ফলত মৃত্যু হোৱা এজন লোকৰ পৰিয়ালৰ আবেদনৰ ভিত্তিত আদালতে তেওঁক শাস্তি বিহে ৷পৰিয়ালে অধিক কঠোৰ শাস্তি প্ৰদান আৰু ২০১৮ চনত উচ্চতম ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰা ৰায়ৰ পুনৰীক্ষণৰ বাবে আৱেদন জনাইছিল ৷
১৯৮৮ চনৰ ২৭ ডিচেম্বৰত পাৰ্কিঙক কেন্দ্ৰ কৰি পাটিয়ালাৰ বাসিন্দা ৬৫ বছৰীয়া গুৰনাম সিঙৰ সৈতে সিদ্ধু কাজিয়াত লিপ্ত হয়। সিদ্ধু আৰু তেওঁৰ বন্ধু ৰূপিন্দৰ সিং সন্ধুৱে গুৰনাম সিঙক গাড়ীৰ পৰা টানি উলিয়াই আনি গাড়ীৰে খুন্দিয়াই আত কৰে ৷ পিছত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।
সিদ্ধুৱে গুৰনাম সিঙক মূৰত আঘাত কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছিল এজন প্ৰত্যক্ষদৰ্শীয়ে। ২০১৮ চনত উচ্চতম ন্যায়ালয়ে সিদ্ধুক স্বেচ্ছাই এজন ব্যক্তিক আঘাত দিয়াৰ বাবে ১০০০ টকা জৰিমনা ভৰিবলৈ নিৰ্দেশ দিছিল। অৱশ্যে আদালতে নিজৰ আদেশ পুনৰীক্ষণ কৰি কয় যে তেওঁ সিদ্ধুক জেলত ভৰোৱাটো “উচিত” বুলি বিবেচনা কৰিছে আৰু এবছৰৰ বাবে কাৰাদণ্ড প্ৰদান কৰে ৷