নেচনেল টেষ্টিং এজেঞ্চীয়ে অনুষ্ঠিত কৰা মেডিকেল কলেজত নামভৰ্তিৰ বাবে সৰ্ব ভাৰতীয় প্ৰৱেশ পৰীক্ষা National Eligibility cum Entrance Test ( NEET) ৰ ফলাফল সমূহ ঘোষণা কৰা হয়।
তেলেংগনাৰ মৃণাল কুট্টেৰীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ সংখ্যক নম্বৰৰ সৈতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। আনহাতে দিল্লীৰ তন্ময় গুপ্তা, মহাৰাষ্ট্ৰৰ কাৰ্থিকা জি নায়াৰেও ৭২০ নম্বৰ লাভ কৰি প্ৰথম স্থানত বাহাল থাকে। অসমৰ ছাত্ৰ ছাত্ৰীয়েও এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে।
যোৱা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হোৱা Neet পৰীক্ষা অসমীয়া, বেংগলী, গুজৰাটীকে ধৰি সৰ্বমুঠ ১৩ টা ভাষাত অনুষ্ঠিত হৈছিল। অসমৰ মেডিকেল কলেজসমূহত এম বি বি এছ পাঠ্যক্ৰমৰ বাবে সম্প্ৰতি ১০৫০ খন আসন খালী আছে। লক্ষীমপুৰ মেডিকেল কলেজৰ ১০০ খন আসন নামভৰ্তিৰ বাবে মুকলি কৰাৰ লগে লগে সৰ্বমুঠ আসনৰ সংখ্যা ১১৫০ খনলৈ বৃদ্ধি পাব।