কিংবদন্তি শ্বেৰপা কামি ৰীতাই পুনৰ নিজৰ নজিৰ ভংগ কৰিলে। নেপালৰ এই ৫৩ বছৰীয়া পৰ্বতাৰোহীয়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট ২৭ বাৰ আৰোহণ কৰিছে।
নেপালৰ শ্বেৰ্পা সংস্থাই জনোৱা মতে, বুধবাৰে পুৱা ৮,৮৪৯ মিটাৰ (২৯,০৩২ ফুট) মাউণ্ট এভাৰেষ্টৰ শিখৰত উপস্থিত হয় ভিয়েটনামী পৰ্বতাৰোহণ দলৰ গাইড কামি ৰীতা শ্বেৰ্পাই। ২০২২ চনৰ মে’ মাহত কামি ৰীতা শ্বেৰ্পাই ২৬ সংখ্যক বাৰৰ বাবে এভাৰেষ্ট জয় কৰি নিজৰ অভিলেখ ভংগ কৰিছিল।
কামি ৰীতা শ্বেৰপাৰ নেতৃত্বত গঠিত দলটোৱে পৰম্পৰাগত দক্ষিণ-পূব গিৰিশিৰা (দক্ষিণ কৰ্ণেল ৰুট) লৈ শিখৰত উপনীত হয়। প্ৰসংগক্ৰমে ১৯৫৩ চনত টেনজিং নৰ্গে আৰু এডমাণ্ড হিলাৰীয়ে এই পথেৰে প্ৰথমে এভাৰেষ্ট বগাইছিল।