VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 18, 2023
in ৰাজনীতি
অৱশেষত অন্ত পৰিল জল্পনা-কল্পনাৰ, কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া , উপ-মুখ্যমন্ত্ৰী হ’ব শিৱকুমাৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

 

কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সিদ্দাৰামায়া। উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ ৫ দিনৰ পাছত বৃহস্পতিবাৰে কংগ্ৰেছ হাইকমাণ্ডক এই কথা অৱগত কৰে এআইচিচিৰ সাধাৰণ সম্পাদক (সংগঠন) কেচি বেনুগোপালে। তেওঁ কয় যে উপ-মুখ্যমন্ত্ৰী পদৰ উপৰিও শিৱকুমাৰৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতিৰ পদও অক্ষুণ্ণ থাকিব ৷

 

শিৱকুমাৰে বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত কৰ্ণাটকৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কসকলৰ বৈঠক আহ্বান কৰিছে। সিদ্দাৰামায়াৰ নাম তাত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ৷  শিৱকুমাৰে বৃহস্পতিবাৰে টুইট কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে তেওঁ আৰু সিদ্দাৰামায়াৰ এখন ছবি টুইট কৰে। তেওঁ টুইটাৰত লিখিছে, ‘কৰ্ণাটকৰ সুৰক্ষিত ভৱিষ্যত আৰু আমাৰ জনসাধাৰণৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আৰু আমি ইয়াৰ নিশ্চয়তা দিবলৈ একত্ৰিত হৈছো।” কংগ্ৰেছৰ এক সূত্ৰই কয় যে অহা শনিবাৰে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব পাৰে।

 

কংগ্ৰেছৰ এক সূত্ৰই পূৰ্বে জনাইছিল যে অৱশেষত কৰ্ণাটকৰ ৰাজস্থান আৰু ছত্তীশগড়ৰ ‘মডেল’ অনুসৰণ কৰিব পাৰে হাইকমাণ্ডে। সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী আৰু শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী পদ দিব পাৰে। সেই ভৱিষ্যদ্বাণী বৃহস্পতিবাৰে সঁচা হ’ল।

২০১৮ চনত ৰাজস্থানত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিছত অশোক গেহলটক মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি শচীন পাইলটক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। চৰকাৰত গুৰুত্ব নাপাই পাইলটে বিদ্ৰোহ কৰিলে। আনহাতে, ছত্তীশগড় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেশ বাঘেলক মুখ্যমন্ত্ৰী আৰু বিদায়ী বিৰোধী দলপতি টি এছ সিংহদেওক কেবিনেট মন্ত্ৰী প্ৰদান কৰা হয় ৷ কংগ্ৰেছৰ সূত্ৰ অনুসৰি সৰগুজাৰ ৰাজপৰিয়ালৰ সদস্য সিংহদেওক ডেৰ-দুবছৰৰ মূৰত মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু বাঘেলে মুখ্যমন্ত্ৰীৰ আসন এৰি দিবলৈ অমান্তি প্ৰকাশ কৰে ৷

 

২২৪খন আসনৰ কৰ্ণাটক বিধানসভাত কংগ্ৰেছে ১৩৫খন আসন লাভ কৰিছে। মিত্ৰশক্তিৰ ‘সৰ্বোদয় কৰ্ণাটক পক্ষ’ই ১খন আসনত জয়লাভ কৰে। দেওবাৰে নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়কৰ বৈঠকত খৰ্গেক পৰৱৰ্তী মুখ্যমন্ত্ৰীক মনোনীত কৰাৰ দায়িত্ব দিয়া হৈছিল। ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীলকুমাৰ শিণ্ডেৰ নেতৃত্বত ৩ জন কেন্দ্ৰীয় পৰ্যবেক্ষকক মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁলোকৰ ‘পছন্দ’ জানিবলৈ ব্যক্তিগত পৰ্যায়ত বিধায়কৰ সৈতে আলোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। মঙলবাৰে দলটোৰ সৰ্বভাৰতীয় সভাপতিৰ ওচৰত এই প্ৰতিবেদন দাখিল কৰা হয়। এআইচিচিৰ এক সূত্ৰই জনোৱা মতে, গৰিষ্ঠসংখ্যক বিধায়কে সিদ্দাৰামায়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল।

Previous Post

নিজৰেই নজিৰ ভংগ কৰি ২৭ বাৰ এভাৰেষ্ট আৰোহণ কৰিলে নেপালৰ কামি ৰীতা শ্বেৰ্পাই

Next Post

এদিনীয়া ক্ৰিকেটত বিৰাটক কোনে কৰিলে অতিক্ৰম ?

Related Posts

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক
ৰাজনীতি

গুৱাহাটীত ‘আপ’ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং, সম্বোধন কৰিব দলীয় কর্মকর্তাক

September 28, 2023
নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
ৰাজনীতি

নৱেম্বৰত অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

September 27, 2023
আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা
ৰাজনীতি

আজিৰ পৰা অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

September 21, 2023
দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!
ৰাজনীতি

দুমাহৰ পাছতে নির্বাচনঃ কোন ৰাজ্যৰ চৰকাৰে ৪৫০ টকাতে দিব ৰন্ধন গেছৰ চিলিণ্ডাৰ!

September 15, 2023
বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন
ৰাজনীতি

বিধানসভাত বিৰোধীক অংগুষ্ঠ প্ৰদর্শন চন্দ্ৰমোহন পাটোৱাৰীৰ, জ্যেষ্ঠ মন্ত্ৰীৰ অশোভনীয় আচৰণক লৈ উত্তাল সদন

September 14, 2023
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি
ৰাজনীতি

ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল সমাপ্তি

September 11, 2023
Next Post
এদিনীয়া ক্ৰিকেটত বিৰাটক কোনে কৰিলে অতিক্ৰম ?

এদিনীয়া ক্ৰিকেটত বিৰাটক কোনে কৰিলে অতিক্ৰম ?

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7