উত্তৰাখণ্ডৰ বদ্ৰীনাথ ঘাইপথত কেইবাটাও নতুন ফাট সৃষ্টি হোৱাক লৈ শংকাৰ সৃষ্টি হৈছে ৷ ফলত চাৰিধাম যাত্ৰাত অসুবিধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ স্থানীয় লোকে দাবী কৰিছে যে ফাটবোৰ ক্ৰমাৎ বহল হৈ আহিছে। শনিবাৰে এইবাৰৰ চাৰিধাম যাত্ৰাৰ দিন আৰু সময় ঘোষণা কৰিছে উত্তৰাখণ্ড চৰকাৰে। কিন্তু তাৰ পিছত যোশীমঠৰ সমীপৰ বদ্ৰীনাথ ঘাইপথত কমেও ১০টা নতুন ফাট সৃষ্টি হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ স্থানীয় ৰাইজে জনোৱা মতে, যোশীমঠ আৰু মাৰোৱাৰী অঞ্চলৰ মাজৰ বদ্ৰীনাথ ঘাইপথত এই ফাটবোৰ দেখা গৈছে। এটা ফাট ষ্টেট বেংক শাখাৰ সন্মুখত, এটা ৰেলৱে গেষ্ট হাউচৰ ওচৰত, এটা মাৰোৱাৰী দলঙৰ কাষত। স্থানীয় ৰাইজেও দাবী কৰে যে বদ্ৰীনাথ পথৰ এটা সৰু অংশ খহি গৈছে।
যোশিমঠ বাচাও সঞ্চাছ সমিতি নামৰ স্থানীয় নাগৰিক সন্থাই যোশিমঠৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰিছে। ইয়াৰ সদস্যসকলে অভিযোগ কৰে যে ৰাজ্য চৰকাৰে এই ফাট সন্দৰ্ভত বিতং তথ্য প্ৰদান কৰা নাই। কেইবাঠাইতো পুৰণি ফাটবোৰ বহল হৈছে। যোছিমাথৰ অলিগ্লিতো নতুন নতুন ফাটৰ সৃষ্টি হৈছে।
ইয়াৰ পূৰ্বে ঘাইপথৰ কেইবাটাও ফাট চিমেণ্টেৰে ঢাকি ৰখা হৈছিল। কিন্তু অভিযোগ উত্থাপন হৈছে যে পথৰ সেই সকলোবোৰ অংশ পুনৰ ফাটিবলৈ আৰম্ভ কৰিছে। যাৰ বাবে আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। এই পৰিস্থিতিত চাৰিধাম যাত্ৰাৰ আয়োজনক লৈ চিন্তিতহৈ পৰিছে বিশেষজ্ঞসকল। ফাটি যোৱা পথৰ ওপৰেৰে চাৰিধাম যাত্ৰাৰ সময়ত অসংখ্য বাহন চলাচল কৰিব। যাৰ পৰিণতিত পথটো আৰু ফাটি যাব পাৰে বুলি ধাৰণা কৰা হৈছে। এই ক্ষতিগ্ৰস্ত অংশবোৰ বিশেষজ্ঞৰ দৰে তাৎক্ষণিক নিৰীক্ষণ আৰু মেৰামতিৰ প্ৰয়োজন।
শনিবাৰে উত্তৰাখণ্ড চৰকাৰৰ ঘোষণা অনুসৰি অহা ২৭ এপ্ৰিলৰ পৰা মুকলি হ’ব চাৰিধাম যাত্ৰাৰ অনলাইন পৰ্টেল। ২৫ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব কেদাৰনাথৰ তীৰ্থযাত্ৰা। যোৱা বছৰ বদ্ৰীনাথলৈ তীৰ্থযাত্ৰীৰ সংখ্যা আছিল ১৭ লাখৰো অধিক। যিয়ে এক নজিৰ গঢ়ি তুলিছিল। ২০১৯ চনত চাৰিধাম যাত্ৰাত ১২ লাখ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। ইমানবোৰ ভক্তৰ বোজা এই অঞ্চলে বহন কৰিব পাৰিবনে? বহু স্থানীয় বাসিন্দাই এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে।