দুগৰাকী ছাত্ৰৰ হত্যাকাণ্ডক লৈ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ । এনে পৰিস্থিতিত মণিপুৰ কেডাৰৰ আই পি এছ বিষয়া ৰাকেশ বলৱালক কাশ্মীৰৰ পৰা মণিপুৰৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিয়োগ কৰা হৈছে ৷ বৰ্তমান ৰাকেশ বলৱাল শ্ৰীনগৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত। কিন্তু কেন্দ্ৰই তেওঁক সেই কৰ্তব্যৰ পৰা মুকলি কৰি মণিপুৰলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিয়ে। সূত্ৰ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰত হিংসাত্মক ঘটনা ৰোধ কৰিবলৈ এজন দক্ষ আৰক্ষী বিষয়া হিচাপে ৰাকেশৰ অভিজ্ঞতা ব্যৱহাৰ কৰিব বিচাৰিছে।
মণিপুৰ কেডাৰৰ আই পি এছ বিষয়া হোৱাৰ বাবে ৰাকেশেও ৰাজ্যৰ পৰিস্থিতিৰ প্ৰতি বিশেষভাৱে সচেতন হোৱাৰ সম্ভাৱনা আছে। অমিত শ্বাহৰ গৃহ মন্ত্ৰালয়ে প্ৰায় এমাহ পূৰ্বে মণিপুৰৰ আইন-শৃংখলাৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে একাংশ আৰক্ষী বিষয়াক ৰাজ্যলৈ লৈ যোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে এই প্ৰস্তাৱত অনুমোদন জনায়। কমিটীৰ প্রস্তাৱত অনুমোদন পোৱাৰ পাছত ৰাকেশৰ বদলি সন্দর্ভত কামবোৰ দ্রুত গতিত আগবাঢ়িবলৈ আৰম্ভ কৰে৷
দুজন ছাত্ৰক অপহৰণ আৰু হত্যাৰ বাবে পুনৰ অস্থিৰ হৈ পৰিছে মণিপুৰ। বুধবাৰে সন্ধিয়া এই অশান্তিৰ ফলস্বৰূপে পাহাৰীয়া জিলা থৌবালৰ বিজেপিৰ কার্যালয়ত আক্রমণ কৰে দুবৃর্ত্তই ৷ জিলা বিজেপিৰ কাৰ্যালয়ত ৰখা কেইখনমান গাড়ীতো অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি দুগৰাকী নিৰীহ ছোৱালীক কুকি দুষ্কৃতিকাৰীয়ে অপহৰণ কৰি হত্যা কৰিছিল। প্ৰতিবাদত ৰাজধানী ইম্ফলকে ধৰি বিভিন্ন অঞ্চলত মেইটেই সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে। মঙলবাৰৰ পৰা মাজে মাজে আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষ অব্যাহত আছে । ৫০ জনতকৈ অধিক প্ৰতিবাদকাৰী আহত হোৱাৰ অভিযোগ। ফলত উত্তেজনা অধিক বৃদ্ধি হৈছে ৷