জম্মু-কাশ্মীৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিন মালিকক মৃত্যুদণ্ড বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই। সোমবাৰে নিয়াৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে।
কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ইয়াছিনক নিম্ন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ নেতা ইয়াছিনে দোষ স্বীকাৰ কৰিছে । এইবাৰ নেচনেল ইনভেষ্টিগেচন এজেন্সীয়ে য়াছিনৰ মৃত্যুদণ্ড বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷অহা সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু ন্যায়াধীশ তালৱন্ত সিঙৰ খণ্ড বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হ’ব।
২০২২ চনৰ মে’ মাহত দিল্লীৰ নিয়াৰ বিশেষ আদালতে তেওঁক ইউ এ পি একে ধৰি একাধিক ধাৰাত দোষী সাব্যস্ত কৰিছিল। সেই গোচৰত তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। কিন্তু নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনোৱাৰ পৰিৱৰ্তে দোষ স্বীকাৰ কৰে য়াছিনে। প্ৰসংগক্ৰমে সেইবাৰো এন আই এয়ে ইয়াচিনৰ মৃত্যুদণ্ড বিচাৰিছিল। যদিও আদালতে নিয়াৰ যুক্তি খাৰিজ কৰি কয় যে মৃত্যুদণ্ড কেৱল বিৰল অপৰাধৰ বাবেহে সংৰক্ষিত। গতিকে উগ্ৰপন্থী সংগঠনক ধন যোগান ধৰাৰ গোচৰত দোষী ইয়াছিনক মৃত্যুদণ্ড দিব নোৱাৰি । এইবাৰ সেই আবেদন লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থা।