গুৱাহাটী, ২৩ মেঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ অহা ২৫ মে’ত গুৱাহাটীলৈ আহিব৷ তেখেতৰ ভ্ৰমণৰ পৰিপেক্ষিতত অহা ২৪ মে’ৰ পৰা ২৫ মে’লৈ কামৰূপ (মহানগৰ) জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা (No Drone Fly Zone) হিচাপে ঘোষণা কৰা হৈছে৷ এই সন্দৰ্ভত আজি কামৰূপ (মহানগৰ) জিলাৰ জিলা দণ্ডাধীশে এক নিৰ্দেশ জাৰি কৰে৷