VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি পৰিবহন মন্ত্ৰীলৈ পত্ৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত বাট-পথৰ দাবী ছাত্ৰসমাজৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 23, 2023
in মুখ্য সংবাদ
হাতে হাতে প্লে কাৰ্ড লৈ সমদল কৰি পৰিবহন মন্ত্ৰীলৈ পত্ৰ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২৩ মে: ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষিত পথৰ ব্যবস্থা কৰিবলৈ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যক আহ্বান জনাইছে ৰাজ্যৰ ছাত্র সমাজে। ছাত্ৰ-ছাত্ৰী সকলে যাতে নিৰাপদে চাইকেল চলাই , খোজ কাঢ়ি নিজ নিজ শিক্ষানুষ্ঠানলৈ অহা-যোৱা কৰিব পাৰে সেইটো নিশ্চিত কৰিবলৈ ছাত্ৰ-সমাজে পৰিবহন মন্ত্ৰীক আহ্বান জনায়। ৰাষ্ট্ৰসংঘৰ বিশ্ব পথ সুৰক্ষা সপ্তাহ (১৫ মে পৰা ২১ মে) ৰ লগত সংগতি ৰাখি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত, কনজিউমাৰ ভয়েচ – নতুন দিল্লী আৰু সেউজ অসমৰ সহযোগত চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে স্বাক্ষৰ কৰা এই আহ্বান সম্বলিত এক পত্ৰ সোমবাৰে পৰিবহণ মন্ত্ৰী শুক্লবৈদ্যক প্ৰদান কৰা হয়। এই পত্ৰযোগে গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ কাষত থকা পথত ছাত্ৰ-ছাত্ৰীৰ বাবে সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰিবলৈ দাবী জনোৱা হয়।

ইয়াৰ পূৰ্বে বিশ্ব পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি গুৱাহাটীৰ টিচি চৰকাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাতগাওঁ উচ্চ বিদ্যালয়ৰ প্ৰায় চাৰি শতাধিক ছাত্র-ছাত্ৰীৰ দ্বাৰা এক সমদল উলিয়াওৱা হয়। ‘বিদ্যালয়ৰ ওচৰত বাহনৰ গতি বেগ নিয়ন্ত্ৰণ কৰক’, ‘আপোনাৰ বাহনৰ গতিবেগ আমাৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ’, ‘বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰি আমাৰ ভবিষ্যত সুৰক্ষিত কৰক’, ‘বিদ্যালয়ৰ ওচৰত দ্বায়িত্ব সহকাৰে বাহন চলাওক’, ‘ছাত্র-ছাত্ৰীৰ বাবে পথ সুৰক্ষিত কৰি তোলক’ আদি শ্লোগান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ছাত্ৰ-ছাত্ৰী সকলে সমদলত অংশ লয়। পৰিবহন মন্ত্ৰী শুক্লবৈদ্যলৈ প্ৰেৰণ কৰা পত্ৰখনত ছাত্র সমাজে কয় – বিদ্যালয় পূর্ণ গতিত চলি থকা সময়ত বিদ্যালয়ৰ দাঁতি কাষৰীয়া বাট পথত সৃষ্টি হোৱা ভয়াবহ যান-যটে ছাত্র-ছাত্ৰীৰ জীৱনৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰি আহিছে। এনে যান-যটে দুৰ্ঘটনাৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে।

গুৱাহাটীৰ বহু বিদ্যালয়ৰ কাষত উপযুক্ত ফুটপাথ আৰু জেব্ৰা ক্ৰছিংৰ ব্যৱস্থা নাই। ফলত বাধ্যহৈ মূল পথেদি খোজ কাঢ়ি বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে ছাত্ৰ-ছাত্ৰী সকলে। আন্তঃগাঁথনিৰ এনে অভাৱৰ ফলত ছাত্র-ছাত্ৰী সকলে পথত চলাচল কৰি থকা যান বাহনৰ পৰা যিকোনো মুহূৰ্তত বিপদত পৰাৰ আশংকা থাকে। গুৱাহাটীৰ অধিকাংশ বিদ্যালয়ৰ কাষত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই। ফলত দুৰ্ঘটনাৰ আশংকা অধিক বৃদ্ধি হৈছে। বিদ্যালয়লৈ অহা যোৱা সময়ত ব্যস্ত বাট-পথ পাৰ হোৱাৰত সহায় কৰিব পৰাকৈ ট্ৰেফিক সহায়কাৰীৰ ব্যৱস্থা থাকিলে দুৰ্ঘটনাৰ আশংকা হ্ৰাস পোৱাৰ লগতে ছাত্র-ছাত্ৰী সকলে নিৰাপদে পথ পাৰা-পাৰ হব পাৰে। কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ সচিব অধিবক্তা অজয় হাজৰিকাই শিক্ষানুষ্ঠানৰ কাষৰ পথত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ কাৰণে উন্নত মানৰ স্পীড বেকাৰ, ছাত্ৰ-ছাত্ৰীয়ে যাতে নিৰাপদে বিদ্যালয়লৈ খোজ কাঢ়ি অহা-যোৱা কৰিব পাৰে বা পথ পাৰা-পাৰ হব পাৰে তাৰ বাবে উপযুক্ত পদপথ আৰু জেব্ৰা ক্ৰছিং, যান-বাহন নিয়ন্ত্ৰনৰ বাবে শিক্ষানুষ্ঠানৰ সন্মুখত উপযুক্ত ট্ৰেফিক চিগনেল আৰু সাংকেতিক চিহ্নি যুক্ত স্থায়ী চাইনবোৰ্ডৰ ব্যৱস্থা কৰি ছাত্র-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।

Previous Post

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ গুৱাহাটী আগমনৰ পৰিপেক্ষিতত কামৰূপ মহানগৰ জিলাক ড্ৰোণ উৰণ নিষিদ্ধ এলেকা ঘোষণা

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7