গুৱাহাটী মহানগৰীত পুনৰ বাৰ এক লোমহৰ্ষক হত্যাকাণ্ড৷দিশপুৰ থানাৰ অন্তৰ্গত ছাৰ্ভেৰ চন্দন নগৰৰ বাসিন্দা ৮৬বছৰীয়া ননীগোপাল বৰুৱা আৰু ৭৬ বছৰীয়া মীনা বৰুৱাক শোৱা পাটীতে মূৰত আঘাট কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে৷
ডকাইতি নহয় সম্পত্তিৰ বাবেহে বৰুৱা দম্পতীক হত্যা কৰা হ’ল বুলি সন্দেহ আৰক্ষীৰ ৷ হত্যাৰ সন্দেহত তেওঁলোকৰ কেয়াৰ টেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে আকাশৰ পত্নী পুতু দাস,পৰেশ চৌধুৰী আৰু সত্যেন্দ্ৰ সিঙক ইতিমধ্যে জেৰা কৰিছে আৰক্ষীয়ে৷ বৃদ্ধ দম্পতী হালৰ সোণৰ আ-অলংকাৰ,হীৰাৰ আঙঠি অক্ষত অৱস্থাত উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে৷
ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ জেষ্ঠ কন্যা লণ্ডনত আৰু কণিষ্ঠ কন্যা থাকে মুম্বাইত৷ অৱসৰৰ বেছি ভাগ সময় লণ্ডন নাইবা মুম্বাইতে কটোৱা দম্পতীহাল ক’ভিড পৰিস্থিতিৰ বাবে বহুদিন অসমৰ নিজ ঘৰতে আছিল৷
বৰ্তমান সময়ত ওখ দেৱাল, বৃহৎ গে’ট, আৰ চি চি ঘৰৰ মাজতো সুৰক্ষিত নহয় নেকি গুৱাহাটী মহানগৰীৰ বাসিন্দা সকল আজিৰ তাৰিখত তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলৰ ৷