ক’ভিডৰ দ্বিতীয় ঢৌৱে বিশ্বৰ কেইবাখনো দেশত সৃষ্টি কৰিছে আতংক ৷ ইয়াৰ মাজতে ক’ভিডত এজন লোক আক্ৰান্ত হোৱাৰ পাছতে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে ঘোষণা কৰিছে কঠোৰ নিষেধাজ্ঞা ৷ দেশখনৰ চৰকাৰী সংবাদ মাধ্যমত বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াই কোভিড-১৯ত প্ৰথমজন লোক আক্ৰান্ত হোৱাটো নিশ্চিত কৰে আৰু লগে লগে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ ৰাষ্ট্ৰপতিৰ কিম জং উনে এই ভাইৰাছৰ সংক্ৰমণ “নিৰ্মূল” কৰাৰ প্ৰতিশ্ৰুতি দিছে।
দেশখনৰ চৰকাৰে ২০২০ চনত মহামাৰীৰ আৰম্ভণিৰ পৰা ইয়াৰ সীমান্ত অঞ্চলসমূহ সম্পূণৰূপে বন্ধ কৰি দিছিল ৷ ৰোগীজন চিনাক্ত হোৱাৰ পাছতে নেতা কিম জং উনকে ধৰি শীৰ্ষ বিষয়াসকলে ইয়াৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে আলোচনা কৰিবলৈ এক পলিটব্যুৰো বৈঠক অনুষ্ঠিত কৰে ৷ বৈঠকৰ পাছত ঘোষণা কৰে যে তেওঁলোকে “সৰ্বাধিক জৰুৰীকালীন”ভাৱে ভাইৰাছ নিয়ন্ত্ৰণ প্ৰক্ৰিয়া ৰূপায়ণ কৰিব।
সংবাদ মাধ্যমৰ মতে কিমে সভাখনত কৈছিল যে “লক্ষ্য আছিল আটাইতকৈ কম সময়ৰ ভিতৰত সংক্ৰমণ নির্মূল কৰা হ’ব ৷ কিমে সীমান্ত নিয়ন্ত্ৰণ আৰু লকডাউন ব্যৱস্থা কঠোৰ কৰাৰ বাবে আহ্বান জনাইছে ৷উল্লেখ্য যে বিশেষজ্ঞসকলে আশংকা কৰা অনুসৰি উত্তৰ কোৰিয়াই ইয়াৰ ২৫নিযুত লোকৰ কোনো এজন লোককে টীকাকৰণ কৰা নাই ৷