VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মানৱ সভ্যতা থকালৈকে কিতাপ থাকিবঃ ডাঃ ৰণোজ পেগু

মৃত নহয়, সংস্কৃত চিৰ প্ৰাণৱন্ত ভাষাঃ ড° সম্পদানন্দ মিশ্ৰ

voicedesk by voicedesk
January 3, 2024
in মুখ্য সংবাদ
মানৱ সভ্যতা থকালৈকে কিতাপ থাকিবঃ ডাঃ ৰণোজ পেগু
0
SHARES
69
VIEWS
Share on FacebookShare on Twitter

পুহমহীয়া শীতৰ সন্ধিয়াত আজি ষষ্ঠ দিনাও গ্ৰন্থপ্ৰেমীৰ ব্যাপক সমাৱেশ ঘটে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷
সমান্তৰালভাৱে বৃদ্ধি পায় কিতাপ বিক্ৰীৰ পৰিমাণ ৷যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি ৩ জানুৱাৰীলৈ ১কোটি ৩৫ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে ৷ইপিনে আজি বিয়লি ৩ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত আয়োজন কৰে যুৱ লেখকৰ সমাৰোহ “উন্মীলন” ৷ জ্যেষ্ঠ সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই আকৰ্ষণীয়ৰূপত সঞ্চালনা কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ওড়িষাৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড° সম্পদানন্দ মিশ্ৰই ৷ তেওঁ কয় যে যুৱ প্ৰজন্মক লৈ এনে অনুষ্ঠানৰ আয়োজন কৰাটো আদৰণীয় ৷ তৰুণ প্ৰজন্মৰ চিন্তা-চৰ্চাই দেশৰ সকলো ক্ষেত্ৰৰে ভৱিষ্যৎ নিৰ্ণয় কৰে ৷ গতিকে নতুন প্ৰজন্মৰ চিন্তাৰ গতিধাৰাৰ উমান লোৱাটো আৰু পাৰিলে সঠিক পথ নিৰ্দেশনা দিয়াটো অগ্ৰজসকলৰ এক সামাজিক দায়িত্ব ৷ এইক্ষেত্ৰত এনে অনুষ্ঠানবোৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ ৷ তেওঁ প্ৰসংগক্ৰমে সংস্কৃত ভাষাৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ তেওঁ কয়—“ভাৰতবৰ্ষত ১৮খন চৰকাৰী সংস্কৃত বিশ্ববিদ্যালয় আছে ৷ প্ৰত্যেক ৰাজ্যতে চৰকাৰী সংস্কৃত মহাবিদ্যালয় আছে ৷ দিব্যবাণী আন্তৰাষ্ট্ৰীয় সংস্কৃত ৰেডিঅ’ বিশ্বৰ কেবাখনো দেশত চলে ৷ গতিকে সংস্কৃতক মৃতভাষা বুলি অভিহিত কৰাটো ভুল ৷ সংস্কৃত এটা চিৰ প্ৰাণৱন্ত ভাষা ৷ সংস্কৃত ভাষা পঠন-কথনৰ অনুশীলনে মানুহৰ মন-মগজু উন্নত কৰে ৷সু-স্বাস্থ্যৰ বাবেও সংস্কৃত ভাষা অতি প্ৰয়োজনীয় ৷ সংস্কৃত এটি বিজ্ঞানসন্মত ভাষা ৷” অনুষ্ঠানটিত বিশেষ অতিথিৰূপে অংশগ্ৰহণ কৰে ভিয়েটনামৰ বিশিষ্ট কবি গুৱেন হাঙে ৷ তেওঁ কয়—“ গ্ৰন্থক কেন্দ্ৰ কৰি উদযাপিত হোৱা এই উৎসৱ অভিনৱ ৷ এনে এক বিশাল অনুষ্ঠানত নতুন লেখকসকলক এনেদৰে গুৰুত্ব প্ৰদান কৰি উৎসাহিত কৰাটো আনন্দৰ কথা ৷ নতুন প্ৰজন্মৰ চিন্তা সদায় নতুন ৷ সেয়েহে নতুনত্বক আদৰণী জনোৱাটো এক ইতিবাচক সামাজিক বাৰ্তা ৷”প্ৰসংগক্ৰমে তেওঁ নিজৰ দেশ ভিয়েটনামৰ বিষয়ে কয় যে আমেৰিকাৰে হোৱা যুদ্ধৰ পাছত ভাঙি পৰা দেশখনে বৰ কষ্টকৈ মূৰ দাঙি উঠিছে ৷ গতিকে যুদ্ধোত্তৰ ভিয়েটনামৰ শিল্প-কলা-সাহিত্যত স্বাভাৱিকতে ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয় ৷ কলা-সাহিত্যক ভিয়েটনামৰ মানুহে বৰ সন্মান কৰে ৷ ইয়াতো শিল্প-সাহিত্য-সংস্কৃতিৰ প্ৰতি মানুহৰ সমাদৰ দেখি মুগ্ধ হৈছোঁ ৷ “উন্মীলন”ত অংশগ্ৰহণ কৰা যুৱ লেখকসকল হৈছে ডাঃ নয়নজ্যোতি শৰ্মা, অসীম কুমাৰ হাজৰিকা, অন্বেষা ফুকন, বিকাশ দিহিঙীয়া, সৃঞ্জনা শৰ্মা, অনিন্দিতা বাৎস্যায়ন, উৎপল ডেকা, হৰ্ষিতা হিয়া, হিমাৰাণী বৰা, ৰাংজালী বসুমতাৰী, ৰ’দালি চেতিয়া, অন্তৰীপ কাকতি, দেৱাশ্ৰী বৰা, বৰ্ষাৰাণী বৰা,বিৰিঞ্চি মহন্ত, কৌশিকী গোস্বামী, হেমন্ত বৰা, অবিনাশ কিশোৰ মহন্ত, ছেল্‌ফমেড ৰাণী বড়ো, দ্বীপৰাজ ৷ সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা ৷

#মানৱ সভ্যতা থকালৈকে কিতাপ থাকিবঃ ডাঃ ৰণোজ পেগু#

অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা আৰু মাণিক আহমেদ, ড° সঞ্জীৱ কুমাৰ শৰ্মাই সম্পাদনা কৰা “মঞ্চ বিৱৰ্ত্তন” আৰু আনন্দৰাম বৰুৱা ভাষা, কলা আৰু সংস্কৃতি গৱেষণা প্ৰতিষ্ঠান”-এ প্ৰকাশ কৰা সুপ্ৰীতি ফুকন, শৰৎ কুমাৰ ফুকনৰ “দ্য হিষ্ট’ৰিকেল এটলাছ অৱ আছাম” উন্মোচন কৰে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় যে নাট্য ইতিহাস আৰু শিল্প-কলাৰ বুৰঞ্জী অধ্যয়নৰ ক্ষেত্ৰত এই গ্ৰন্থ দুখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ অসম গ্ৰন্থমেলা, গুৱাহাটী সাফল্যমণ্ডিত হোৱাৰ আশা প্ৰকাশ কৰি মন্ত্ৰী পেগুৱে কয়—“ ৰাজ্যখনৰ বিভিন্ন জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এই পদক্ষেপে ৰাজ্যখনত অধ্যয়ন সংস্কৃতি তৰান্বিত কৰিব বুলি আশা কৰিব পাৰি ৷ শৰীৰক সুস্থ-সবল কৰি ৰাখিবলৈ যিদৰে ব্যায়ামৰ প্ৰয়োজন সেইদৰে মন ভালে ৰাখিবলৈ কিতাপ পঢ়াৰ প্ৰয়োজন ৷ গ্ৰন্থ পঠনে মানুহক মানসিকভাৱে শক্তিশালী কৰি ৰাখে ৷ মানৱ সভ্যতাক গ্ৰন্থই সমৃদ্ধ কৰি ৰাখিছে ৷ গ্ৰন্থমেলাৰ বিপুল জনসমাগমে প্ৰমাণ কৰিছে কিতাপৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই ৷ মানৱ সভ্যতা থকালৈকে কিতাপ থাকিব৷” উন্মোচনী অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু গ্ৰন্থকাৰসকলে অংশগ্ৰহণ কৰে ৷

# সাগৰ তলিৰ মুকুতা উন্মোচন#

অসম গ্ৰন্থমেলাৰ নীলমণি ফুকন সভাগৃহত আজি উন্মোচিত হয় জনপ্ৰিয় লেখিকা বেবী ভূঞাৰ শেহতীয়া গল্প গ্ৰন্থ “সাগৰ তলিৰ মুকুতা” ৷ “অসম বুক হাইভ”-এ প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰে তিনিগৰাকী প্ৰসিদ্ধ সাহিত্যিক ক্ৰমে হৰেকৃষ্ণ ডেকা, গঙ্গাপদ চৌধুৰী আৰু কনক চন্দ্ৰ শৰ্মাই ৷ অনুষ্ঠানটিৰ আঁত ধৰে কবি-সাংবাদিক নৱজ্যোতি পাঠকে ৷“অসম বুক হাইভ”ৰ স্বত্বাধিকাৰী ধীৰাজ গোস্বামীয়ে গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

Previous Post

মহুৱা মৈত্ৰৰ সাংসদ পদ বৰ্খাস্ত: লোকসভা সচিবালয়লৈ উচ্চতম ন্যায়ালয়ৰ জাননী

Next Post

দেৰগাঁৱৰ দুৰ্ঘটনাত আহত ৪জনক জিএমচিএইচত ভর্ত্তি , নিশা একেলগে জ্বলিল ১২ খন চিতা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দেৰগাঁৱৰ দুৰ্ঘটনাত আহত ৪জনক জিএমচিএইচত ভর্ত্তি , নিশা একেলগে জ্বলিল ১২ খন চিতা

দেৰগাঁৱৰ দুৰ্ঘটনাত আহত ৪জনক জিএমচিএইচত ভর্ত্তি , নিশা একেলগে জ্বলিল ১২ খন চিতা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7