বিশেষ ভাৱে সক্ষম ব্যক্তি,শিশুৰ হকে কাম কৰি অহা আগশাৰীৰ সংস্থা “মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰ”ই অতিক্ৰম কৰিলে ২৫ টা বর্ষ ৷ সমাজৰ বিশেষভাৱে সক্ষম ব্যক্তিসকল লাঞ্চিত, বঞ্চিত,নিৰ্যাতিত, অৱহেলিত হৈ জীয়াই থাকিব নালাগে আৰু তেওঁলোকেও মৰ্যদা সহকাৰে জীৱন ধাৰণ কৰিব পাৰে তাৰেই উদ্দেশ্য আগত ৰাখি অবিৰতভাৱে প্ৰচেষ্টা চলায় আহিছে “মৃণালজ্যোতি পুনৰ্বাস কেন্দ্ৰ”ই।
এই প্ৰতিষ্ঠানটোৰ সৈতে বিগত সময়চোৱাত সহযোগিতা আগবঢ়াই আহিছে মন্ত্ৰী বিমল বৰাই । ৰূপালী জয়ন্তী বৰ্ষ গৰকা প্ৰতিষ্ঠানটোৰ সমূহ পৰিয়ালবৰ্গলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে মন্ত্ৰী গৰাকীয়ে ৷
আজি ৰূপালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিবলৈ অহা সংস্থাটোৰ প্ৰতিনিধি তথা বিশেষ ভাৱে সক্ষম শিশুসকলৰ বাবে জীৱন উচৰ্গা কৰা থেৰাপিষ্ট সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় মন্ত্ৰী বিমল বৰাই ৷