অন্ধ্ৰ প্ৰদেশৰ আৰক্ষীয়ে ওড়িশাত পত্নীৰ মৃতদেহ কান্ধত লৈ গৈ থকা ৩৩ বছৰীয়া জনজাতীয় যুৱকক সহায় কৰিবলৈ উপস্থিত হয় ৷ এজন অটো ৰিক্সা চালকে তেওঁলোকক ঘৰলৈ নিবলৈ অস্বীকাৰ কৰাৰ লগতে আন এখন বাহনৰ ব্যৱস্থা কৰিবলৈ ধন নথকাৰ বাবেই তেওঁ পত্নীৰ মৃতদেহ কান্ধত কঢ়িয়াই লৈ গৈছিল বুলি বিষয়াসকলে অৱগত কৰে ৷
স্থানীয় একাংশ লোকে তেওঁক দেখা পাই আৰক্ষীক এই কথা অৱগত কৰে ৷ তাৰ পিছত তেওঁক সহায় কৰিবলৈ ধন সংগ্ৰহ কৰিছিল বুলি তেওঁলোকে কয়।
ওড়িশাৰ কোৰাপুটৰ এডে চামুলুৱে তেওঁৰ অসুস্থ পত্নী এডে গুৰুক বিশাখাপট্টনমৰ সংগীভালাছৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল। চিকিৎসাৰ প্ৰতি সঁহাৰি দিয়া বন্ধ কৰাৰ পিছত চিকিৎসকে তেওঁক ঘৰলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে। তেওঁ নিজৰ গাঁৱলৈ – হস্পিতালৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ দূৰত্বত – উভতি যাবলৈ এখন অটো-ৰিক্সা ভাড়া কৰি লৈছিল যদিও বিজিয়ানগৰৰ ওচৰৰ মাজ বাটত পত্নীৰ মৃত্যু হয়।
অটোৰিক্সা চালকজনক ২০০০ টকা আদায় দিয়াৰ পাছত কোনো ধন হাতত নথকাত এদে চামুলুৱে পত্নীৰ মৃতদেহ কান্ধত লৈ কেইবা কিলোমিটাৰ খোজ কাঢ়ি যায় ৷ স্থানীয় লোকে তেওঁক দেখা পোৱাৰ পিছত আৰক্ষী পৰিদৰ্শক টিভি তিৰুপতি ৰাও আৰু উপ-পৰিদৰ্শক কিৰণ কুমাৰ নাইডুৱে তেওঁক পত্নীৰ মৃতদেহ ওড়িশাৰ সোৰাদা গাঁৱলৈ লৈ যাবলৈ এম্বুলেন্সৰ ব্যৱস্থা কৰি দিয়ে ৷