দিল্লী এইমছৰ চিকিৎসকসকলে অতি বিৰল অস্ত্ৰোপচাৰত অভূতপূৰ্ব সফলতা লাভ কৰে। গর্ভতে শিশুৰ অস্ত্ৰোপচাৰ কৰি এইমছে এক নতুন অভিলেখ ৰচনা কৰিছে ৷ চিকিৎসকসকলে বিভিন্ন পৰীক্ষাত গম পাইছিল যে ভ্ৰুণটোৰ হৃদযন্ত্ৰৰ সমস্যা আছে। জন্মৰ পিছত ই বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। এনে পৰিস্থিতিত চিকিৎসকে ভ্ৰুণৰ হৃদযন্ত্ৰৰ জটিল অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়। কিন্তু মূল সমস্যাটো আছিল সময়। মাত্ৰ ৯০ ছেকেণ্ডতে এই বিৰল অস্ত্ৰোপচাৰ সম্পূৰ্ণ কৰিলে চিকিৎসকে। সম্প্ৰতি মাক আৰু শিশু দুয়োজনেই সুস্থ।
ইয়াৰ পূৰ্বে ২৮ বছৰীয়া যুৱতী গৰাকীয়ে তিনিবাৰ গর্ভধাৰণ কৰিছিল যদিও সন্তান জন্ম দিব পৰা নাছিল ৷ এইবাৰ গৰ্ভধাৰণ কৰাৰ পিছত দম্পতীহালে শিশুটিক বচাবলৈ বদ্ধপৰিকৰ হৈ পৰে । কিন্তু এইমছৰ চিকিৎসকে পৰীক্ষা কৰি দেখিলে যে ভ্ৰুণটোৰ অপৰিপক্ক হৃদযন্ত্ৰৰ লগতে ডাঙৰ সমস্যা আছে। ফলত শিশুটিৰ স্বাভাৱিক বিকাশৰ সম্ভাৱনা প্ৰায় নাই। কিন্তু এই সমস্যাৰ সমাধান কি ? দিল্লী এইমছৰ চিকিৎসকে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি ভ্ৰুণটো সুস্থ কৰাৰ সিদ্ধান্ত লয়। চিকিৎসকৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা আছিল সময়! গৰ্ভত থকা ভ্ৰুণৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিবলৈ মাত্ৰ ৯০ ছেকেণ্ড সময় থাকে। সকলো কাম তাৰ ভিতৰতে কৰিব লাগিব।
এইমছৰ চিকিৎসকে জটিল পদ্ধতিৰ আশ্ৰয় লৈছিল। মাতৃৰ তলৰ পেটৰ মাজেৰে বেজী এটা সুমুৱাই দিয়া হয়। যি পোনপটীয়াকৈ ভ্ৰুণৰ হৃদযন্ত্ৰত উপনীত হয়। তাত বেলুন কেথেটাৰৰ জৰিয়তে বন্ধ হৈ থকা হৃদযন্ত্ৰৰ ভালভটো পুনৰ সক্ৰিয় কৰা হয়। অলপ লৰচৰ কৰিলেও ভ্ৰুণৰ মৃত্যু হ’ব পাৰিলেহেঁতেন। চিকিৎসকৰ সহায়ত জটিল অস্ত্ৰোপচাৰ সফল হ’ল। কেৱল সেয়াই নহয় বৰ্তমান মাতৃ আৰু গৰ্ভত থকা সন্তানটো সুস্থ।
এইমছ কাৰ্ডিঅ’থ’ৰেচিক ছায়েন্স চেণ্টাৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে কয়, “আল্ট্ৰাছাউণ্ডৰ নিৰ্দেশনাৰে সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল। আন সময়ত এঞ্জিঅ’গ্ৰাফী ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন যদিও এই ক্ষেত্ৰত সেয়া সম্ভৱ নহ’ল। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল সময়। কাৰণ অৱস্থাটো বেছি দীঘলীয়া হ’লে ভ্ৰুণৰ মৃত্যু অনিবাৰ্য। তেওঁৰ ওপৰত আছিল সময়ৰ প্ৰত্যাহ্বান। কিন্তু বেছি সময় নালাগিল। ঠিক ৯০ ছেকেণ্ডতে সকলো ঠিক হৈ গ’ল।”