চলিত বৰ্ষটোত ‘ভেক্স’ শব্দটোক অক্সফোৰ্ড অভিধানে বছৰটোৰ শব্দ হিচাপে অভিহিত কৰিছে৷২০২১ বৰ্ষত কৰ’ণা মহামাৰীৰ বাবে সকলোতকৈ বেছি প্ৰচলিত হোৱা এই ‘ভেক্স’ শব্দটোক অভিধান প্ৰণেতা সকলে বছৰৰ শব্দ ৰূপে নিৰ্বাচিত কৰিছে৷ অক্সফ’ৰ্ড অভিধান খনৰ স’তে জড়িত জ্যেষ্ঠ সম্পাদক ফিয়না মেকফাৰ্ছনে কয় যে চলিত বৰ্ষত শব্দটোৰ ব্যাপক ভাৱে হোৱা ব্যৱহাৰৰ কথা লক্ষ কৰিয়েই শব্দটো নিৰ্বাচন কৰা হৈছে৷
‘ভেক্স’ শব্দটোৰ লগত জড়িত আৰু কেইবাটাও শব্দ যেনে ‘ভেক্সি’,’ডাবল্ড ভেক্সড’,’আনভেক্সড’,’এণ্টিভেক্সাৰ’,’ভেক্স-এ-থন’,ভ’ভেক্সিনিষ্টা’ আদিও বৰ্ষটোত প্ৰচলন হয়৷ তেওঁলোকৰ মতে ২০২১ বৰ্ষত ‘ভেক্স’ শব্দটোৰ ব্যৱহাৰ ৫৭,০০০ শতাংশ বৃদ্ধি পাইছে৷