দ্বিপাক্ষিক চুক্তি অনুসৰি পাকিস্তানে ৯৬জন ভাৰতীয় হিন্দু আৰু শিখ তীৰ্থযাত্ৰীৰ ভিছা আবেদনত অনুমোদন জনায়। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে জনোৱা মতে, ২০ৰ পৰা ২৫ ডিচেম্বৰৰ ভিতৰত পঞ্জাৱ প্ৰদেশৰ কাটাছ ৰাজ মন্দিৰলৈ যাবলৈ অনুমতি দিয়া হৈছে তীৰ্থযাত্ৰীসকলক। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত ইছলামবাদে সিন্ধৰ ছাদনী দৰবাৰ হায়াতত অনুষ্ঠিত হোৱা সন্ত ছাদাৰামৰ ৩১৪ সংখ্যক জন্ম জয়ন্তীত ১০০ গৰাকী শিখ তীৰ্থযাত্ৰীক অংশগ্ৰহণৰ অনুমতি দিছিল।
চাকোৱাল জিলাৰ কাটাছ ৰাজ শিৱ মন্দিৰ হিন্দু আৰু শিখৰ পবিত্ৰ তীৰ্থস্থান। ইতিহাসবিদৰ এটা অংশৰ মতে পঞ্জাৱৰ ৰাজধানী লাহোৰৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ নিলগত অৱস্থিত এই শিৱ মন্দিৰটো কমেও এহেজাৰ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনত বিভাজনৰ পিছত পাকিস্তানে মন্দিৰটো বন্ধ কৰি দিয়ে। পিছলৈ অৱশ্যে মন্দিৰটো পুনৰ মুকলি কৰা হয়। ২০১৮ চনত পাকিস্তান চৰকাৰেও শিখ তীৰ্থযাত্ৰীৰ বাবে ঐতিহাসিক কৰতাৰপুৰ চাহাব মুকলি কৰে।
২০১৭ চনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ কন্যা প্ৰিয়ংকাই কটাছ ৰাজ মন্দিৰত পূজা আগবঢ়াইছিল। ধৰ্মীয় কাৰণৰ লগতে ঐতিহাসিক কাৰণতো কটাছ ৰাজ গুৰুত্বপূৰ্ণ। এই মন্দিৰত বৌদ্ধ স্তুপ আৰু শিখ মন্দিৰ আছে। শিৱ মন্দিৰৰ লগত সংলগ্ন হৈ আছে সৰোবৰ। বিলখনৰ অগভীৰ অংশৰ পানী সেউজীয়া, গভীৰ অংশৰ পানী নীলা। ভক্তসকলে বিশ্বাস কৰে যে সৰোবৰ ভগৱান শিৱৰ চকুলোৰে ভৰপূৰ।