শিক্ষক নিযুক্তি কেলেংকাৰীৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতে পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক বাৰম্বাৰ যোগাযোগৰ চেষ্টা কৰিছিল ৷ শনিবাৰে পুৱা এনফর্চমেণ্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত চেটার্জীয়ে কমেও চাৰিবাৰ মমতা বেকার্জীলৈ ফোন কৰে ৷ কিন্তু টিএমচিৰ মুৰব্বী তথা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক মহাসচিব তথা মন্ত্ৰী চেটার্জীৰ ফোনৰ কোনো উত্তৰ প্ৰদান কৰা নাছিল।
তদন্তকাৰী সংস্থাৰ মতে শুকুৰবাৰে পুৱাৰে পৰা জেৰা কৰাৰ পিছত শনিবাৰে নিশা ১:৫৫ বজাত গ্ৰেপ্তাৰ কৰা হয় চেটাৰ্জীক। নিশা ২:৩২ বজাৰ পৰা ৯:৩৫ বজাৰ ভিতৰত তেওঁ মমতা বেনার্জীক কমেও চাৰিবাৰ ফোন কৰে ৷ নিশা ২:৩২ বজাত চেটাৰ্জীয়ে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীলৈ ফোন কৰে। তাৰ লগে লগে পুৱা ২:৩৩ বজাত দ্বিতীয়টো ফোন কৰে ৷ পুৱতি নিশা ৩:৩৭ বজাত এঘণ্টাৰ ব্যৱধানৰ পিছত আকৌ চেটার্জীয়ে তেওঁলৈ ফোন কৰে। শেষৰটো ফোন কৰা হৈছিল প্ৰায় পুৱা ৯:৩৫ বজাত৷ কিন্তু এবাৰলৈয়ো মমতাই তেওঁৰ ফোন উঠোৱা নাছিল ৷
ইডিয়ে দেওবাৰে কলকতা উচ্চ ন্যায়ালয়ত জনোৱা মতে, চেটাৰ্জীৰ ঘৰত অভিযান চলোৱাৰ সময়ত আৰু ২৭ ঘণ্টা ধৰি চলা জেৰাৰ সময়ত শিক্ষক নিযুক্তি কেলেংকাৰীত তেওঁৰ জড়িত থকাৰ সমৰ্থনত ‘পৰ্যাপ্ত প্ৰমাণ’ লাভ কৰিছে ৷ চেটার্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখাৰ্জী ফ্লেটৰ পৰা শনিবাৰে ইডিয়ে জব্দ কৰে ২১ কোটিতকৈ অধিক নগদ ধন, সোণ আৰু মাৰ্কিন ডলাৰ। অর্পিতাকো গ্ৰেপ্তাৰ কৰা হৈছে।