ভাৰতৰ চতুর্দশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ৰামনাথ কোবিন্দে এৰিলে ৰাষ্ট্ৰপতি ভৱন ৷ কিন্তু অৱসৰৰ পাছত ৰামনাথ কোবিন্দে প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে কি কি সুবিধা লাভ কৰিব আপুনি জানেনে ? কার্যকাল শেষ হোৱাৰ পাছতো আমাৰ দেশত প্ৰাক্তন ৰাষ্ট্ৰপতিসকলে লাভ কৰে এক বিলাসী জীৱন ৷ অৱসৰৰ পাছত কোৱিন্দে লাভ কৰিব এটা সুবিশাল বাংলো ৷ নিয়ম অনুসৰি এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক এটা টাইপ-৮ বাংলো আবণ্টন দিয়া হয়। টাইপ-৮ বাংলো এটাত সাধাৰণতে ঘৰুৱা সহায়কৰ বাবে সুকীয়া কোৱাৰ্টাৰৰ লগতে থাকে সাতটা কোঠা । বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক নতুন দিল্লীৰ মাজমজিয়াত থকা এটা প্ৰাসাদসম বাংলো ১২ জনপথত আবণ্টন দিছে কেন্দ্ৰই। পূৰ্বে এই বাংলোটো বিহাৰৰ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানে দুটা দশকৰো অধিক সময় ধৰি দখল কৰি আছিল। তেওঁৰ পিছত পুত্ৰ চিৰাগ পাছৱানে দখল কৰিছিল ৷ কিন্তু মাৰ্চ মাহৰ শেষৰ ফালে বাংলোটো খালী কৰা হৈছিল ৷ ২ লাখ বৰ্গফুটত বিস্তৃত ৰাষ্ট্ৰপতি ভৱনত ৫ বছৰ কটোৱা কোবিন্দ ১০ জনপথত বাস কৰা কংগ্ৰেছ প্ৰধান ছোনিয়া গান্ধীৰ নতুন প্ৰতিৱেশী হ’ব। ছোনিয়া গান্ধীয়ে প্ৰায় তিনিটা দশক ধৰি লুটিয়েন্স জ’নৰ এই বিশাল চৰকাৰী বাংলোটোত বাস কৰি আহিছে। ১৯৯১ চনৰ ২২ মে’ত ছোনিয়া গান্ধীৰ নামত আবণ্টন দিয়া হৈছিল ১০, জনপথ বাংলো।
তদুপৰি বৰ্তমান প্ৰতিমাহে ৫ লাখ টকা দৰমহা লাভ কৰা পৰিৱর্তে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অৱসৰৰ পিছত প্ৰতিমাহে ১.৫ লাখ টকাৰ পেঞ্চন লাভ কৰিব।এই ধনৰাশি ৰাষ্ট্ৰপতিৰ পাৰিতোষিক আৰু পেঞ্চন (সংশোধনী) আইন, ২০০৮ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছে।২০০৮ চনৰ সংশোধনীৰ পূৰ্বে পেঞ্চনৰ পৰিমাণ আছিল ৫০ হাজাৰ টকা।
ইয়াৰ উপৰি তেওঁ লাভ কৰিব আন বহু সুবিধা ৷ ৰাষ্ট্ৰপতিৰ পাৰিতোষিক আৰু পেঞ্চন (সংশোধনী) আইন ২০০৮ অনুসৰি বিদায়ী ৰাষ্ট্ৰপতিগৰাকীয়ে এজন ব্যক্তিগত সচিব, এজন অতিৰিক্ত ব্যক্তিগত সচিব, এজন ব্যক্তিগত সহায়ক আৰু দুজন পিয়ন লাভ কৰে ৷ ইয়াৰ উপৰিও তেওঁ বছৰি ৬০ হাজাৰ টকা কাৰ্যালয় ব্যয়ৰ বাবে লাভ কৰিব ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি হিচাপে কোবিন্দক দুটা লেণ্ডলাইন, মোবাইল ফোন, ব্ৰডবেণ্ড আৰু ইণ্টাৰনেট সংযোগো দিয়া হ’ব। তেওঁৰ পত্নী সবিতা কোবিন্দকো প্ৰতিমাহে ৩০ হাজাৰ টকা প্ৰদান কৰা হ’ব। ইয়াৰ বাহিৰেও কোবিন্দে বিদ্যুৎ-পানী বিনামূলীয়াকৈ লাভ কৰিব ৷ কোবিন্দক এখন গাড়ী আৰু ড্ৰাইভাৰো চৰকাৰীভাৱে দিয়া হ’ব ৷ অৱসৰৰ পিছত সমগ্ৰ জীৱন বিনামূলীয়া চিকিৎসাও লাভ কৰিব কোবিন্দে। ইয়াৰ উপৰিও তেওঁ গোটেই জীৱন ভ্ৰমণৰ বাবে বিনামূলীয়াকৈ প্ৰথম শ্ৰেণীৰ ৰে’ল টিকট আৰু বিমানৰ টিকট লাভ কৰিব ।কোবিন্দক দিল্লী আৰক্ষীয়ে নিৰাপত্তাও প্ৰদান কৰিব ৷