উর্ধমুখী হৈয়েই আছে ইন্ধনৰ মূল্য ৷ সোমবাৰে পুনৰ পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৩০ পইচা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৫ পইচা বৃদ্ধি কৰা হয় ৷ ইয়াৰ লগে লগে যোৱা এসপ্তাহত পেট্ৰ’ল আৰু ডিজেলৰ প্ৰতি লিটাৰত মুঠ বৃদ্ধিৰ পৰিমাণ হৈছে ক্ৰমে ৪ আৰু ৪.১০ টকা ৷ দাম বৃদ্ধিৰ পাছতে দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৯.৪১ টকালৈ বৃদ্ধি পালে ৷ আনহাতে ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৯০.৪২ টকাৰ পৰা ৯০.৭৭ টকালৈ লৈ বৃদ্ধি হৈছে।
সমগ্ৰ দেশতে ইন্ধনৰ মূল্য বৃদ্ধি পাইছে যদিও স্থানীয় কৰৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্যভেদে পেট্ৰ’ল-ডিজেলৰ মূল্য পৃথক ৷ বিগত এসপ্তাহত ষষ্ঠ বাৰৰ বাবে আজি ইন্ধনৰ দাম বৃদ্ধি কৰা হৈছে ৷ উল্লেখ্য যে ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ ফলত অসমৰ কেইবাখনো জিলাত ইতিমধ্যে পেট্ৰ’লৰ মুল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷ গুৱাহাটীতো পেট্ৰ’লৰ মূল্যই চেঞ্চুৰী কোবোৱাৰ দিশে আগবাঢ়িছে ৷ আজি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হৈছে ৯৯ টকা ৷ আনহাতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছে ৮৫.১৬ টকা ৷ প্ৰায় চাৰি মাহৰ বিৰতিৰ অন্তত যোৱা ২২ মাৰ্চৰ পৰা ইন্ধনৰ মূল্যবৃদ্ধি ঘটিছে ৷