তাজমহলৰ ২০ টা কোঠাৰ দুৱাৰ খোলাৰ অনুমতি বিচাৰি দাখিল কৰা এখন আৱেদনৰ শুনানিৰ সময়ত আৱেদনকাৰীৰ প্ৰতি কঠোৰ হোৱা পৰিলক্ষিত হয় এলাহাবাদ উচ্চ ন্যায়ালয় ৷ ৰাজহুৱা স্বার্থজড়িত গোচৰ প্ৰক্ৰিয়াক উপহাস নকৰিবলৈ আবেদনকাৰীক সকীয়াই দিয়ে ন্যায়ালয়ে ৷ আৱেদনখনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে আৱেদনকাৰীক প্ৰশ্ন কৰে -‘তাজমহল কোনে নিৰ্মাণ কৰিছিল সেই সিদ্ধান্ত ল’বলৈ আমি আছোঁ নেকি? কাইলৈ আপুনি ন্যায়াধীশৰ চেম্বাৰৰ ভিতৰলৈয়ো যাব বিচাৰিব ৷ “
ড০ ৰজনীশ সিঙে এই আবেদন দাখিল কৰিছিল, যিয়ে তাজমহল উৎপত্তিৰ বিতৰ্ক সমাধানৰ বাবে তাজমহলৰ ২০ খন বন্ধ দুৱাৰ খুলিবলৈ ভাৰতীয় পুৰাতাত্ত্বিক জৰীপক নিৰ্দেশ দিবলৈ প্ৰার্থনা জনাইছিল । তেওঁ দাবী কৰে যে তাজমহল এটা শিৱ মন্দিৰ আছিল, যাক তেজো মহালয়া বুলি জনা যায় ৷ তেওঁ স্মাৰকটোৰ “প্ৰকৃত ইতিহাস” প্ৰকাশ কৰিবলৈ চৰকাৰক এখন তথ্য অনুসন্ধান সমিতি গঠন কৰিবলৈ কৈছে।ন্যায়ালয়ে কয় “মই আপোনাক ড্ৰয়িং ৰুমত আমাৰ সৈতে বিষয়টো তৰ্ক কৰিবলৈ স্বাগতম জনাইছো, আদালতত নহয় ৷”