প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ এম ভি গংগা বিলাসৰ ফ্লেগ অফ কৰে। বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ প্ৰথম যাত্ৰা আৰম্ভ কৰিব ৩২ গৰাকী ছুইজাৰলেণ্ডৰ পৰ্যটকে।
ভাৰতত নিৰ্মিত প্ৰথমখন ক্ৰুজ জাহাজ হৈছে এম ভি গংগা বিলাস। ৫১ দিনত ৩২০০ কিলোমিটাৰ যাত্ৰা কৰিব জাহাজখনে। ছুইজাৰলেণ্ডৰ পৰা অহা ৩২ গৰাকী পৰ্যটকক বাৰাণসী বন্দৰত আদৰণি জনোৱা হয়। ক্ৰুজ যাত্ৰাৰ পূৰ্বে বাৰাণসীৰ বিভিন্ন ধৰ্মীয় আৰু ঐতিহাসিক স্থান তেওঁলোকে পৰিদৰ্শন কৰিব।
ক্ৰুজৰ সঞ্চালক ৰাজ সিঙে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, এই পাঁচ তাৰকাযুক্ত মুভিং হোটেলখনত ৩৬ জন পৰ্যটকৰ ক্ষমতাৰে ১৮টা ছুইট আছে। ইয়াৰ উপৰিও ইয়াত ৪০ জন ক্ৰুৰ বাবে থকাৰ ব্যৱস্থা আছে। আধুনিক জাহাজখনৰ দৈৰ্ঘ্য ৬২ মিটাৰ আৰু বহল ১২ মিটাৰ ৷
ই পৰ্যটকক ২৭খন নদী ব্যৱস্থাৰ মাজেৰে লৈ যাব আৰু বিভিন্ন বিশিষ্ট গন্তব্যস্থানৰ মাজেৰে ক্ৰুজিং কৰিব। এই ক্ৰুজত বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ শ্বাহীগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশত ঢাকা, আৰু অসমত গুৱাহাটীৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট, আৰু ডাঙৰ চহৰকে ধৰি ৫০টা পৰ্যটনস্থলী সামৰি লোৱা হ’ব। ক্ৰুজত স্পা, চেলুন, জিমৰ দৰে সুবিধাও আছে। ইয়াৰ বাবে প্ৰতিদিনে ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকা খৰচ হ’ব ৷ ৫১ দিনীয়া যাত্ৰাৰ বাবে প্ৰতিজন যাত্ৰীৰ ব্যয় হ’ব ২০ লাখ টকা ৷ তেওঁ লগতে কয় যে এই ক্ৰুজত প্ৰদূষণমুক্ত ব্যৱস্থা আৰু শব্দ নিয়ন্ত্ৰণ প্ৰযুক্তিৰ ব্যৱস্থা কৰা হৈছে।
এই ক্ৰুজত এটা নলা পৰিশোধন প্লাণ্ট স্থাপন কৰা হৈছে যাতে গংগালৈ কোনো আৱর্জনা বৈ নাযায় ৷ লগতে এটা ফিল্টাৰিং প্লাণ্ট স্থাপন কৰা হৈছে যিয়ে গংগাৰ পানী গা ধোৱা আৰু অন্যান্য কামৰ বাবে বিশুদ্ধ কৰিব৷