দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ অৱদান ৰাইজৰ সন্মুখত প্ৰদর্শণ কৰাৰ প্ৰয়াসেৰে দিল্লীত মুকলি কৰা হ’ব এটা বিশেষ সংগ্ৰহালয় ৷ বর্তমানৰ নেহৰু সংগ্ৰহালয়ৰ সমীপত মুকলি হ’ব এই বিশেষ সংগ্ৰহালয় ৷ যাৰ নাম দিয়া হৈছে প্ৰধানমন্ত্ৰী সংগ্ৰহালয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ সাংসদসকলক কয় যে এন ডি এ চৰকাৰে ১৪ জন প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অৱদানক স্বীকৃতি প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। বর্তমানৰ চৰকাৰে সকলো প্ৰধানমন্ত্ৰীৰ অৱদানক স্বীকৃতি দিয়াটো নিশ্চিত কৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ সাংসদসকলক লগতে কয় যে কেৱল এন ডি এ চৰকাৰেহে পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে পদক্ষেপ লৈছে ৷ তেওঁ বিজেপিৰ সাংসদসকলক “বি আৰ আম্বেদকাৰ সংগ্ৰহালয়” পৰিদৰ্শন কৰিবলৈও আহ্বান জনাইছে ৷ বি আৰ আম্বেদকাৰ সংগ্ৰহালয়টো অহা ১৪ এপ্ৰিলত দিল্লীত উদ্বোধন কৰা হ’ব ৷ বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি এই সংগ্ৰহালয়টো উদ্বোধন কৰা হ’ব।
আজি নতুন দিল্লীৰ আম্বেদকাৰ কেন্দ্ৰত সংসদীয় দলৰ বৈঠকত অংশগ্ৰহণ কৰা দলৰ শীৰ্ষ নেতাসকল হৈছে প্ৰধানমন্ত্ৰী মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ৷দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা ৬ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈ বিজেপিয়ে ধাৰাবাহিক কার্যসূচী ৰূপায়ন কৰিব ৷
বৈঠকত বিজেপিৰ সাংসদসকলে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা পুনৰ ছয় মাহৰ বাবে বৃদ্ধি কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন আৰু ধন্যবাদ জনাবলৈ এক প্ৰস্তাৱ গৃহীত কৰে।কেন্দ্ৰীয় চৰকাৰে শনিবাৰে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা আঁচনিখন আৰু ছয় মাহৰ বাবে বৃদ্ধি কৰে ৷ অহা ছেপ্টেম্বৰলৈকে প্ৰতিজন হিতাধিকাৰীয়ে প্ৰতি মাহে অতিৰিক্ত ৫ কিলোগ্ৰাম বিনামূলীয়া ৰেচন লাভ কৰিব ৷