গুৱাহাটী আৰক্ষীয়ে সোমবাৰে চহৰখনৰ বামুণীমৈদাম অঞ্চলত এগৰাকী ১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত এজন ৬৫ বছৰীয়া কণী বিক্ৰেতাক গ্ৰেপ্তাৰ কৰে। প্ৰতিবেদন অনুসৰি ব্যক্তিজন ৰতন দত্ত বুলি চিনাক্ত কৰা হৈছে যি পেছাত এজন কণী বিক্ৰেতা ৷ যোৱা কেইমাহমানধৰি ১২বছৰীয়া ছোৱালীজনীক যৌন নিৰ্যাতন চলাই আছিল দত্তই। ছোৱালীজনীক কণী আৰু টকা দিয়াৰ অজুহাতত প্ৰলোভিত কৰিছিল তেওঁ। গুৱাহাটীৰ ভাস্কৰ নগৰ অঞ্চলত বীৰাঙ্গনা মহিলা সমিতিয়ে চলোৱা তদন্তৰ সময়ত পোহৰলৈ আহিছিল প্ৰকৃত সত্য।
অৱশ্যে নিজৰ দোষ লুকুৱাবলৈ দত্তই সমিতিৰ মহিলাসকলক প্ৰলোভিত কৰি বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰিছিল বুলিও জানিব পৰা গৈছে।