ডিব্ৰুগড় জিলাত সংঘটিত এক শোকাবহ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যক ৷ ডিব্ৰুগড়ৰ আৰক্ষী জোৱান বিকি চেতিয়াই হত্যা কৰিলে পত্নী জয়শ্ৰী চেতিয়াক ৷ তেওঁলোকৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ কাষতে থকা আৰক্ষী আবাসত বিকি চেতিয়াই দেওবাৰে নিশা ১.৩০বজাত গুলীয়াই হত্যা কৰে গৰ্ভৱতী পত্নী জয়শ্ৰী চেতিয়াক ৷পাৰিবাৰিক সংঘাট জনিত কাৰণত এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা গৈছে ৷
ইতিমধ্যে হত্যাকাৰী বিকি চেতিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ আনহাতে মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে জয়শ্ৰীৰ মৃতদেহ ৷
জানিবপৰা মতে চাৰিবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল বিকি আৰু জয়শ্ৰী ৷