ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে পেৰুৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ল এগৰাকী মহিলা ৷ পেৰুৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব ল’লে ডিনা ব’লুৱেৰ্টে। দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি পেড্ৰ’ কাষ্টিলোক জৰুৰীকালীন ভাৱে অপসাৰণ কৰাৰ পাছত বুধবাৰে তেওঁ ক্ষমতালৈ আহে।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি ২০২১ চনত কাষ্টিলো ক্ষমতালৈ অহাৰ পিছত দুবাৰকৈ অপসাৰণৰ চেষ্টা চলোৱা হৈছিল। বুধবাৰে পেৰুৰ ৰাষ্ট্ৰীয় টেলিভিছনত বিৰোধী পৰিচালিত কংগ্ৰেছ ভংগ কৰাৰ আহ্বান জনায় কেষ্টেলোৱে। লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। ইয়াৰ পিছত দেশখনত আৰম্ভ হয় প্ৰতিবাদ। বহু মন্ত্ৰী আৰু সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। বহুতে কর্তব্যৰ পৰা পদত্যাগ কৰে ৷ জানিব পৰা মতে আৰক্ষীৰ সন্মুখত দুয়োপক্ষৰ সমৰ্থকৰ মাজত কাজিয়া আৰম্ভ হয়। লগে লগে তেওঁক অপসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ তাত ১০১ জন লোকে তেওঁক অপসাৰণৰ সপক্ষে ভোটদান কৰে ৷এই সিদ্ধান্তৰ বিৰুদ্ধে ছজন লোকে ভোট দিয়ে । ১০ জন লোক এই ভোটদানৰ পৰা বিৰত থাকে।
কাষ্টেলোৰ বিৰুদ্ধে মহাভিযোগ দাখিল কৰাৰ পিছত ডিনা ব’লুৱেৰ্টে ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ২০২৬ চনলৈকে সেই পদত তেওঁ অধিষ্ঠিত হৈ থাকিব ৷ তেওঁ পেছাত এজন উকীল আছিল। দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় চিনাক্তকৰণ আৰু নাগৰিক অৱস্থাৰ পঞ্জীয়নত কাম কৰিছিল। ২০২১ চনত ৬০ বছৰীয়া ব’লুৱেৰ্টে ‘পেৰু লিব্ৰে পাৰ্টি’ৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ কয় যে দেশখনক পৰিস্থিতিৰ পৰা বচাবলৈ কিছু সময় আৰু সুযোগৰ প্ৰয়োজন ৷