উত্তৰাখণ্ডৰ ঐতিহ্যমণ্ডিত কেদাৰনাথ মন্দিৰ চৌহদত আজি আদিগুৰু শংকৰাচাৰ্যৰ পুনৰ নিৰ্মাণ কৰা সমাধিৰ লগতে ১২ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৩ বর্ষৰ ভয়ানক বানত শংকৰাচাৰ্যৰ সমাধিস্থল ধ্বংসস্তূপত পৰিণত হৈছিল। প্ৰায় ১৩০ কোটি টকা ব্যয় সাপেক্ষে এই সমাধিস্থল পুনৰ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি। সমাধিস্থল উন্মোচন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ২০১৩ চনৰ ভয়াবহ বানপানীৰ পাছত কেদাৰনাথক পুনৰ নিৰ্মাণ কৰাৰ ভাৱনা আহিছিল ভক্তসকলৰ মাজত।মোৰ মনতো সদায় কেদাৰনাথৰ পুনৰ নিৰ্মাণৰ এটা চিন্তা আছিল। আৰু পূৰ্বতকৈয়ো অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে বুলি মই মনতে ভাবিছিলোঁ।” আনহাতে কেদাৰনাথ ধাম পুনৰ নিৰ্মাণ কৰাটো তেওঁৰ এক সপোনৰ প্ৰকল্প আছিল বুলি উল্লেখ কৰি মোদীয়ে কয় যে দিল্লীৰ পৰাই তেওঁ নিয়মীয়াভাবে এই প্ৰকল্পৰ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লৈ আহিছিল। দ্ৰোণৰ জৰিয়তে গ্ৰহণ কৰা ভিডিঅ’ৰ জৰিয়তে পুনৰ নিৰ্মাণৰ কামৰ পৰ্যালোচনা কৰিছিল মোদীয়ে।
অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিগত ৫ বছৰত ৰাজ্যখনত কেইবা কোটি টকাৰ প্ৰকল্প উন্মোচন কৰা হৈছে। সম্প্ৰতি ঋষিকেশ আৰু কৰনপ্ৰয়াগৰ মাজত ৰেলপথ সংযোগীকৰণৰ কাম চলি আছে। তদুপৰি সকলো বতৰতে চলাচল কৰিব পৰা পথ নিৰ্মাণৰ কাম অব্যাহত আছে। উল্লেখযোগ্য যে ৩৫ টন ওজনৰ শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি নিৰ্মান কৰিছে বেংগালুৰুৰ শিল্পীয়ে। এই মূৰ্তিৰ উপৰি মোদীয়ে আন কেইবাটাও উল্লেখযোগ্য প্ৰকল্প আজি উদ্বোধন কৰে। অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে কেদাৰনাথ মন্দিৰত পূজা আগবঢ়োৱাৰ লগতে আৰতি কৰে। পূজা আগবঢ়োৱাৰ পাছত মোদীয়ে কেদাৰনাথ মন্দিৰৰ চৌপাশে প্ৰদক্ষিণ কৰে।