দেশত বাঘৰ সংখ্যা বিপুল বৃদ্ধি হোৱাৰ পাছতো প্ৰত্যাহাৰ কৰা হ’ল ব্যঘ্ৰ সংৰক্ষণ প্ৰকল্পৰ! দেওবাৰে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে এক অধিসূচনাযোগে কয় যে ‘প্ৰজেক্ট টাইগাৰ’ক প্ৰত্যাহাৰ কৰা হৈছে। দেশৰ সুপৰিচিত বাঘ বিশেষজ্ঞ বাল্মিক থাপাৰে কয় যে “প্ৰজেক্ট টাইগাৰ”ৰ মৃত্যুত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বন মন্ত্ৰালয়ৰ উদাসীনতা স্পষ্ট হৈ পৰিছে ৷
কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে অৱশ্যে মানি ল’বলৈ অস্বীকাৰ কৰে। তেওঁ কয়, “বাঘ সংৰক্ষণ প্ৰকল্পই দেশৰ হাতী সংৰক্ষণ প্ৰকল্প (প্ৰজেক্ট এলিফেণ্ট)ৰ সৈতে যৌথভাৱে কাম কৰিব। যিটোৰ নাম সলনি কৰা হৈছে, বাঘ আৰু হাতী সংৰক্ষণ বিভাগ।” দেশৰ বেছিভাগ বিৰোধী ৰাজনৈতিক দল আৰু বাঘ বিশেষজ্ঞই অৱশ্যে বাঘ আৰু হাতী নামৰ দুটা ভিন্ন বন্যপ্ৰাণী প্ৰকল্পৰ সংমিশ্ৰণৰে বন মন্ত্ৰালয়ক আবণ্টন কৰ্তনৰ সম্ভাৱনা দেখিছে। বিশিষ্ট বন্যপ্ৰাণী গৱেষক মিথিলেশ যোশীয়ে কয়, ” ইয়াৰ ফলত দেশত হাতী বা বাঘৰ সংৰক্ষণৰ কাম সঠিকভাৱে কৰা নহ’ব। কেন্দ্ৰই এই সিদ্ধান্তৰ জৰিয়তে প্ৰজেক্ট টাইগাৰৰ বাবে আবণ্টিত ধন প্ৰধানমন্ত্ৰীৰ চিতা সংৰক্ষণৰ প্ৰকল্পত ব্যয় কৰিব ৷”
১৯৭৩ চনত যেতিয়া প্ৰজেক্ট টাইগাৰ আৰম্ভ হৈছিল তেতিয়া দেশত বাঘৰ সংখ্যা আছিল ২৯৯ টা। পঞ্চাশ বছৰত ভৰি দিয়া প্ৰজেক্ট টাইগাৰৰ উদ্যোগত সেই সংখ্যা এতিয়া ৩১৬৭। বিশ্বৰ ৭৫ শতাংশ বন্য বাঘ এতিয়া দেশৰ বিভিন্ন বাঘ প্ৰকল্পই আৱৰি থকা বনাঞ্চলত। চলিত বিত্তীয় বৰ্ষত প্ৰজেক্ট টাইগাৰৰ বাবে আবণ্টন কেন্দ্ৰীয় বাজেটত ৩০৭৯ কোটি টকাৰ পৰা প্ৰায় ২৪ শতাংশ বৃদ্ধি কৰি ২৪৭৮ কোটি টকা কৰা হয়। ইয়াৰ পাছতো কিয় তিনিমাহৰ ভিতৰতে এই প্ৰকল্পটো এৰি দিয়া হ’ল? প্ৰশ্ন উত্থাপন কৰিছে বাঘ বিশেষজ্ঞসকলে।