গুৱাহাটী মহানগৰীত তালাচীৰ নামত যান বাহন আৰক্ষীয়ে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা অভিযোগ দীর্ঘদিনীয়া ৷ মহানগীৰৰ বিভিন্ন স্থানত অবৈধভাৱে পাৰ্কিঙৰ নামত মাছুল সংগ্ৰহৰ অভিযোগো নতুন নহয়। মহানগৰ আৰক্ষীৰ এনে অতপালিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাৱ্যস্ত কৰিবলৈ ওলাই আহিল ৰাইজ ৷
আজি এই প্ৰতিবাদ সাব্যস্ত কৰে জু-নাৰেংগী তিনিআলি ব্যৱসায়ী সন্থা আৰু স্থানীয় ৰাইজে। তেওঁলোকে গীতানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ বিৰুদ্ধে কেইবাটায়ো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷
স্বয়ং আৰক্ষীয়ে অবৈধভাৱে ইয়াত পাৰ্কিঙৰ নামত মাছুল লৈ জনসাধাৰণৰ হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদী ব্যৱসায়ীসকলে । ইয়াৰ বাবে প্ৰতিবাদকাৰীসকলে যান বাহন আৰক্ষীৰ লগতে জি এম চিকো দোষাৰোপ কৰিছে। প্ৰতিবাদকাৰীসকলে গীতানগৰ আৰক্ষী থানা ঘেৰাও কৰি নিজৰ ক্ষোভ ব্যক্ত কৰে । তেওঁলোকৰ দাবী শীঘ্ৰেই এই হাৰাশাস্তিৰ পৰা অঞ্চলবাসীক মুক্ত কৰক ৷
লক্ষণীয় যে দীঘলীয়া যান-জঁটে সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰাৰ সময়তে মহানগৰীৰ ট্ৰেফিক আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ ইয়াৰ পৰিৱর্তে পার্কিঙৰ নামত মোবাইলেৰে ফটি তুলি জৰিমনা বিহি মহানগৰবাসীক হাৰাশাস্তি প্ৰদান কৰি আহিছে মহানগৰ আৰক্ষীয়ে ৷ ইয়াৰ প্ৰতি থকা ক্ষোভ স্পষ্টৰূপে আজি প্ৰতিফলিত হ’ল মহানগৰীৰ জু-নাৰেংগী তিনিআলিত ৷