অৱশেষত সুদীৰ্ঘ দুমাহৰ পাছত সোমবাৰে জামিন পালে শিল্পা চেট্টিৰ স্বামী ৰাজ কুন্দ্ৰাই। উল্লেখযোগ্য যে মুম্বাই আদালতে সোমবাৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাৰ জামিন মঞ্জুৰ কৰে।
অভিনেত্ৰী শিল্পা চেট্টীয়ে স্বামীৰ জামিনৰ পাছতেই ইনষ্টাগ্ৰামৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে। তেঁও নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এক বিশেষ কেপচনত উল্লেখ কৰে যে বেয়া দিনৰ পাছত মানুহৰ ভাল দিনো আহে আৰু সেয়া ৰামধেনুৰ অস্তিত্বই প্ৰমাণ কৰে।
উল্লেখ্য যে বিগত ১৯ জুলাইত পৰ্ণগ্ৰাফী মামলাত অভিযুক্ত হিচাপে ৰাজ কুন্দ্ৰাৰ লগতে আৰু ১১ জন অভিযুক্তক মুম্বাই আৰক্ষী ক্ৰাইম ব্রাঞ্চে আতক কৰিছিল। ইয়াৰ পাছত কেইবাবাৰো জামিনৰ বাবে আবেদন কৰা স্বত্তেও জামিন মঞ্জুৰ কৰা হোৱা নাছিল। আনহাতে যোৱা ১৬ ছেপ্তেম্বৰ তাৰিখে মুম্বাই ক্ৰাইম ব্রাঞ্চে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছিল। উক্ত চাৰ্জশ্বিটত পত্নী শিল্পা সহিতে ৪৩ জন লোকৰ সাক্ষী উল্লেখ আছিল।
উল্লেখ্য যে যোৱা শনিবাৰে পুনৰবাৰ জামিনৰ বাবে আবেদন কৰা হৈছিল। ৰাজ কুন্দ্ৰাৰ মতে চাৰ্জশ্বিটত পৰ্ণগ্ৰাফীৰ ক্ষেত্ৰত তেঁওৰ সহযোগ আছিল বুলি কোনো তথ্য অথবা প্ৰমাণ উল্লেখ কৰা নাই। তেঁওক বলিৰ পঠা বনোৱা হৈছে বুলি অভিযোগ কৰিছে ব্যৱসায়ীজনে।
আনহাতে ৰাজ কুন্দ্ৰাৰ জামিনৰ ২৪ ঘন্টা সম্পূৰ্ণ নৌহতেই তেঁওৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে মুম্বাই আৰক্ষীয়ে। মুম্বাই ক্ৰাইম ব্রাঞ্চে দাবী কৰা মতে ৰাজ কুন্দ্ৰাৰ ফালৰ পৰা এশতকৈও অধিক অশ্লীল ভিডিঅ’ পোৱা গৈছে। আৰু তেঁওলোকে জনোৱা মতে কুন্দ্ৰাই প্ৰায় ৯ কোটি টকাৰ বিনিময়ত সেই ভিডিঅ’ সমূহ বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল।
জানিবলৈ পোৱা মতে সুদীৰ্ঘ দুমাহৰ অন্তত জেলৰ পৰা ওলাই সংবাদ মাধ্যমৰ মুখা-মুখি হঁওতে কান্দোনত ভাগি পৰিছিল ব্যৱসায়ীজন।