অলপতে অভিনেতা বিকি কৌশল আৰু কেটৰিনা কাঈফৰ বিবাহৰ দিন ঘোষণাৰ পিছতেই এইবাৰ বলিউডৰ অন্যতম সুযোগ্য অভিনেতা ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখা পালৰ সৈতে শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব বুলি ঘোষণা কৰে।
মেঘালয়ৰ অভিনেত্ৰী পত্ৰলেখা পালৰ সৈতে ২০১০ চনৰ পৰাই অভিনেতা ৰাজকুমাৰ ৰাও লিভ ইন ৰিলেশ্ব্যনশ্বিপত আছিল। অহা ১০ নৱেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে বিবাহ পাশত আৱদ্ধ হ’ব বুলি ঘোষণা কৰে।
লাভ, চেক্স ঔৰ ঢৌকা শীৰ্ষক প্ৰথম ছবিত অভিনয় কৰোঁতে ৰাজকুমাৰ ৰাওক পৰ্দাত দেখিয়েই আকৰ্ষিত হৈছিল বুলি পত্ৰলেখা পালে জানিবলৈ দিয়ে। ছবিখনৰ চৰিত্ৰৰ দৰেই বাস্তৱটো ৰাজকুমাৰ ৰাও তেনেধৰণৰ বুলিও উল্লেখ কৰে।
আনহাতে পত্ৰলেখা পালক ৰাজকুমাৰ ৰাওৱে প্ৰথম বাৰৰ বাবে টেলিভিচনৰ বিজ্ঞাপনত দেখা পাই আকৰ্ষিত হৈছিল বুলি জানিবলৈ দিয়ে।
পৰিয়াল আৰু বিশেষ বন্ধুবৰ্গৰ উপস্থিতিত অহা ১০ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈকে বিবাহ অনুষ্ঠানসমূহ অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰে।
দীৰ্ঘ দিনৰ সম্পৰ্কত থকা ৰাজকুমাৰ আৰু পত্ৰলেখাৰ আনুষ্ঠানিক ঘোষণাই অনুৰাগীসকলক উৎফুল্লিত কৰি তুলিছে।