অর্থনৈতিক মন্দাৱস্থাৰ বাবে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত সৃষ্টি হোৱা ৰাজনৈতিক অস্থিৰতাৰ মাজতে বৃহস্পতিবাৰে ৭৩ বছৰীয়া ৰনিল উইক্ৰেমসিংহেই নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ পুর্বৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপক্ষই পদত্যাগ কৰাৰ লগতে প্ৰাণৰ মমতাত গোপন স্থানত আত্মগোপন কৰিছে ৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে শ্ৰীলংকাৰ ২৬ তম প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি উইক্ৰেমসিংহেই দেশৰ ৰাজনৈতিক অস্থিৰতাৰ অৱসান ঘটায়।
শ্ৰীলংকাৰ নতুন প্ৰধানমন্ত্ৰী ৰনিল উইক্ৰেমসিংহেই দায়িত্ব গ্ৰহণৰ পাছতে কয় যে তেওঁৰ কাৰ্যকালত ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে আশাবাদী ৷ লগতে স্বাধীনতাৰ পিছত আটাইতকৈ বেয়া অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰাৰ বাবে দেশক ইয়াৰ অৰ্থনৈতিক সহায়ৰ বাবে ভাৰতক ধন্যবাদ জনাইছে।প্ৰধানমন্ত্ৰী উইক্ৰেমসিংহেই তেওঁৰ দেশলৈ ভাৰতে প্ৰদান কৰা অৰ্থনৈতিক সহায়ৰ কথা উল্লেখ কৰি কয়, “মই ভাৰতৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক বিচাৰো আৰু মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব বিচাৰো।”
৭৩ বছৰীয়া ইউনাইটেড নেচনেল পাৰ্টিৰ (ইউএনপি) নেতাজনে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পূর্বে সোমবাৰৰ পৰা দেশখন চৰকাৰ বিহীন হৈ আছিল ৷ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষৰ জ্যেষ্ঠ ভাতৃ আৰু প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজপাক্ষই দেশখনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।
প্ৰধানমন্ত্ৰী উইক্ৰেমসিংহেই কয় যে তেওঁৰ মনোযোগ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰাত সীমাবদ্ধ থাকিব ৷ তেওঁ কয়, “জনসাধাৰণক পেট্ৰ’ল, ডিজেল আৰু বিদ্যুতৰ যোগান নিশ্চিত কৰিবলৈ মই ব্যৱস্থা গ্ৰহণ কৰিম ৷ ১৯৪৮ চনত ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত শ্ৰীলংকাই ইয়াৰ আটাইতকৈ বেয়া অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। এই সংকট বিদেশী মুদ্ৰাৰ অভাৱৰ ফলত সৃষ্টি হৈছে ৷