বিগত তিনিশ বছৰৰ ভিতৰত উদ্ধাৰ কৰা গোলাপী হীৰাসমূহৰ ভিতৰত সর্ববৃহৎ গোলাপী হীৰা এংগোলাত উদ্ধাৰ কৰা হৈছে ৷ বুধবাৰে অষ্ট্ৰেলিয়াৰ ছাইট অপাৰেটৰ লুকাপা ডাইমণ্ড কোম্পানীয়ে বিৰল বিশুদ্ধ গোলাপী ৰঙৰ হীৰা উদ্ধাৰ কৰা বুলি ঘোষণা কৰে ৷ লুকাপা ডাইমণ্ড কোম্পানীয়ে বিনিয়োগকাৰীসকলক দিয়া এক বিবৃতিত জনোৱা মতে, দেশখনৰ হীৰা সমৃদ্ধ উত্তৰ-পূবৰ লুলো খনিত ১৭০ কেৰেটৰ গোলাপী ৰঙৰ হীৰা এটা আৱিষ্কাৰ কৰা হৈছে ৷ এই হীৰাৰ টুকুৰাটো এতিয়ালৈকে পোৱা আটাইতকৈ ডাঙৰ গোলাপী ৰঙৰ হীৰাসমূহৰ ভিতৰত অন্যতম ৷ আন্তঃৰাষ্ট্ৰীয় নিবিদাত বিক্ৰী কৰা হ’ব এই হীৰা ৷ বিৰল এই হীৰাৰ মূল্যও হ’ব অকল্পনীয় ৷ ইয়াৰ পূর্বে ৫৯.৬ কেৰেটৰ পিংক ষ্টাৰ ২০১৭ চনত হংকঙৰ নিলামত বিক্ৰী হৈছিল ৭১.২ মিলিয়ন মাৰ্কিন ডলাৰত। ই এতিয়ালৈকে বিক্ৰী হোৱা আটাইতকৈ দামী হীৰা ৷