VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভূমিকম্পৰ পাছত উদ্ধাৰ অভিযান চলাব এন্দুৰে! কি প্ৰশিক্ষণ দিয়াত ব্যস্ত বিশেষজ্ঞ

voicedesk by voicedesk
December 2, 2022
in মুখ্য সংবাদ
ভূমিকম্পৰ পাছত উদ্ধাৰ অভিযান চলাব এন্দুৰে! কি প্ৰশিক্ষণ দিয়াত ব্যস্ত বিশেষজ্ঞ
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

ভূমিকম্পৰ পিছত জৰুৰীভাৱে উদ্ধাৰ অভিযান চলোৱাটো অত্যন্ত কঠিন  । বৃহৎ ঘৰ ভাঙিলে বহু মানুহ ইয়াৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰে। সঠিক সময়ত উদ্ধাৰ কৰিব নোৱাৰিলে বহু লোকে প্ৰাণ হেৰুৱায়। এই সমস্যাৰ সমাধান আনিছে বেলজিয়ামৰ ‘এপ’পো’ নামৰ এটা কোম্পানীয়ে। ধ্বংসাৱশেষৰ পৰা বন্দীসকলক কেনেকৈ ক্ষিপ্ৰতাৰে উদ্ধাৰ কৰিব পাৰি তাৰ সমস্যা সমাধানৰ বাবে বিশেষজ্ঞসকলে এন্দুৰৰ সহায় ল’ব ৷

সংস্থাটোৰ সৈতে জড়িত বিশেষজ্ঞসকলে ভূমিকম্পৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিৰ কৃত্ৰিম পৰিৱেশ সৃষ্টি কৰি এন্দুৰবোৰক প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ ইয়াৰ লগত প্ৰযুক্তিৰ  সহায় লোৱা হৈছে । আইণ্ড হ’ভেন ইউনিভাৰ্চিটি অৱ টেকন’লজিৰ এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰে এন্দুৰৰ বাবে এটা ‘বেকপেক’ প্ৰস্তুত কৰিছে ৷ এই বেগটোত ভিডিঅ’ কেমেৰা, মাইক্ৰ’ফোন আৰু লোকেচন ট্ৰেন্সমিটাৰ থাকিব। প্ৰথম অৱস্থাত এই বেগটোৰ নাম আছিল ‘ৰেট পেক’। অভিযন্তাজনে কয় যে কোনোবা ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকে তেন্তে এন্দুৰৰ দেহত বান্ধি দিয়া বেগৰ  কেমেৰা আৰু মাইক্ৰ’ফোনৰে প্ৰত্যক্ষ কৰিব পাৰিব ৷ ব্যক্তিজন য’তেই আবদ্ধ হৈ থাকে তাতেই তেওঁৰ সঠিক স্থান আনটো মূৰত থকা লেপটপটোতো ধৰা পৰিব।

প্ৰথম অৱস্থাত সফল হ’লেও এতিয়াও বহু কাম বাকী আছে বুলি গৱেষকসকলে মন্তব্য কৰিছে। তেওঁলোকৰ মতে বেগৰ আকাৰ আৰু ওজন আৰু হ্ৰাস কৰিব লাগে। বেগটো যিমানেই লঘু হ’ব সিমানেই এন্দুৰটোৱে বেগটো পিঠিত লৈ ঘূৰি ফুৰিবলৈ সহজ হ’ব। নিওপ্ৰিন ভেষ্টৰ জৰিয়তে এন্দুৰটোৰ লগত বেগটো সংলগ্ন কৰা হ’ব বুলিও তেওঁ কয়। সাধাৰণতে স্কুবা ডাইভিং কৰাৰ সময়ত এই নিওপ্ৰিনৰ দ্বাৰা স্কুবা ছুট তৈয়াৰ কৰা হয়।

এই জৰুৰীকালীন অৱস্থাৰ বাবে বিশেষজ্ঞসকলে মাটি খান্দি থকা সময়ত মেচিনটোৱে কৰা শব্দৰ দৰে কিছু শব্দ কৰি এন্দুৰবোৰক সাজু কৰি তুলিছে। ইয়াৰ পিছত এন্দুৰবোৰক বিভিন্ন স্তৰ সৃষ্টি কৰি প্ৰশিক্ষণ দিয়া হ’ব, যাতে সিহঁতে ঘূৰি ফুৰিবলৈ আৰাম পায়। এই প্ৰশিক্ষণ অধ্যয়নৰ নেতৃত্বত আছে ড’না কিনে। এন্দুৰয সকলো ধৰণৰ পৰিৱেশৰ লগত খাপ খাব পাৰে বুলি ড’নাই কয়। স্বভাৱতে কৌতুহলীও। ভূমিকম্পৰ পিছতো ধ্বংসাৱশেষত প্ৰৱেশ কৰিবলৈ এন্দুৰ সক্ষম হয়। গতিকে উদ্ধাৰ কার্যৰ বাবে এন্দুৰ উপযোগী।

ড’নাই কয় যে এন্দুৰবোৰক সপ্তাহত ৫ দিন ১৫ মিনিটৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। প্ৰশিক্ষণৰ পিছত কেতিয়াবা পৃথক পৃথক পিঞ্জৰাত ৰখা হয়। কেতিয়াবা একে লিংগৰ এন্দুৰৰ সৈতে একেটা পিঞ্জৰাতে ৰখা হয়।” তেওঁ কয়, গৱেষণা এতিয়াও চলি আছে। এন্দুৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ ৯ মাহৰ পৰা ১ বছৰ সময় লাগে। তেওঁ আশাবাদী যে আগন্তুক এবছৰৰ ভিতৰত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’ব।

 

Previous Post

ফুটবল খেলপথাৰত ধূলিস্যাৎ জাৰ্মানীৰ-গৌৰৱ!গ্ৰুপ পর্যায়ৰ পৰাই বিদায় ল’লে চাৰিবাৰকৈ বিশ্বকাপজয়ী দলটোৱে

Next Post

যোৰহাট টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বৃহত্তৰ পীড়াকটা বাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
যোৰহাট টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বৃহত্তৰ পীড়াকটা বাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা

যোৰহাট টীয়কৰ পীড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত, বৃহত্তৰ পীড়াকটা বাসী ৰাইজৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7