গুৱাহাটী, ১৩ ছেপ্টেম্বৰঃ অসম চৰকাৰে ‘অমৃত বৃক্ষ আন্দোলন’ৰ অধীনত গ্ৰহণ কৰা ১ কোটি বাণিজ্যিক গছপুলি ৰোপন অভিযানত অংশগ্ৰহণ কৰিবলগীয়া কামৰূপ মহানগৰ জিলাৰ ৰাইজৰ বাবে গছপুলি সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰিছে বন বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে৷ অহা ১৭ ছেপ্টেম্বৰত ৰূপায়ন হ’বলগীয়া গছপুলি ৰোপন অভিযানত অংশগ্ৰহণৰ বাবে নাম পঞ্জীয়ন কৰা ব্যক্তিয়ে এই স্থানসমূহৰ পৰা গছপুলি সংগ্ৰহ কৰিব পাৰিব৷ অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাই সদৰি কৰা অনুসৰি জিলাখনৰ দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, সোনাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ অধীনৰ চন্দ্ৰপুৰ হাইস্কুল, গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু আজাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ৰাইজে গছপুলি সংগ্ৰহ কৰিব পাৰিব৷ একেদৰে ৰাণী উন্নয়ণ খণ্ডৰ অধীনস্থ আজাৰা, ধাৰাপুৰ, গৰল, কাঁহিকুছি আৰু মাজিৰগাঁও গাঁও পঞ্চায়ত কাৰ্যালয়ত, ডিমৰীয়া উন্নয়ণ খণ্ডৰ অধীনৰ হঁহৰা, মালৈবাৰী, টেটেলিয়া, সোনাপুৰ, নৰতাপ, বৰখাট, টোপাতলি, ক্ষেত্ৰী, ধূপগুৰি, বৰুৱাবাৰী, ডিগাৰু আৰু কমাৰকুছি গাঁও পঞ্চায়ত কাৰ্যালয়ত আৰু চন্দ্ৰপুৰ উন্নয়ণ খণ্ডৰ অধীনৰ আমছিং, চন্দ্ৰপুৰ, পানীখাইটি আৰু পশ্চিম মায়ং গাঁও পঞ্চায়ত কাৰ্যালয়ৰ পৰাও ৰাইজে গছপুলি সংগ্ৰহ কৰিব পাৰিব৷ কাহিলীপাৰাত থকা জ্যোতি চিত্ৰবনতো গছপুলি বিতৰণ কৰা হ’ব৷ আনহাতে গুৱাহাটী পূৱৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াই সদৰি কৰে যে অভিযানত ভাগ লোৱাৰ বাবে নাম পঞ্জীয়ন কৰা ব্যক্তিয়ে চন্দ্ৰপুৰ বীট অফিচ, খনামুখ বীট অফিচ, জালুকবাৰীৰ অসম বন বিদ্যালয়, সোনাপুৰত থকা সামাজিক বনানীকৰণৰ নাৰ্চাৰী আৰু বন বিভাগৰ কামৰূপ পূৱ সংমণ্ডলৰ কাৰ্যালয়ৰ পৰাও পছন্দৰ গছপুলি সংগ্ৰহ কৰিব পাৰিব৷