অৱশেষত উচ্চতম ন্যায়ালয়ত সকাহ লাভ কৰিলে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বি ভিয়ে ৷ ৰাজ্যৰ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই ৰুজু কৰা যৌন নির্যাতনৰ গোচৰৰ মূল অভিযুক্ত আছিল শ্ৰীনিবাস ৷ ইয়াৰ পূর্বে বাংগালুৰুৰ সত্ৰ ন্যায়ধীশৰ আদালত আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি মুখথেকেচা খাইছিল শ্ৰীনিবাসে ৷ যৌন নির্যাতনৰ ঘটনাৰ দুমাহ পাছত এজাহাৰ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত আদালতে শ্ৰীনিবাসক জামিন প্ৰদান কৰে ৷ অৱশ্যে তেওঁক ২২ মে’ত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিছে ন্যায়ালয়ে ৷
অংকিতা দত্তই অভিযোগ কৰিছিল যে শ্ৰীনিবাসে দীর্ঘদিন ধৰি তেওঁক মানসিক আৰু শাৰিৰীক নির্যাতন চলাই আহিছিল ৷ দলীয়ভাৱে অভিযোগ দিয়াৰ পাছত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অংকিতাই শ্ৰীনিবাসৰ বিৰুদ্ধে দিচপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ৷তেতিয়াৰ পৰা শ্ৰীনিবাস বিভিয়ে আত্মগোপন কৰি আছিল ৷