VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সাংবাদিক অনন্ত বিজয়

voicedesk by voicedesk
March 17, 2023
in মুখ্য সংবাদ
হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত প্ৰখ্যাত সাংবাদিক অনন্ত বিজয়
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় :জ্ঞান-সাধন পদ্ধতিৰ পৰম্পৰা অতি চহকী৷ এই চহকী পৰম্পৰাক ধবংস কৰিছিল বিদেশী আক্ৰমণকাৰী আৰু পিছলৈ বহু বছৰ ভাৰতত শাসন কৰা ঔপনিৱেশিক শক্তিসমূহে৷ সেই সময়ছোৱাত কিছুসংখ্যক গৱেষকে ভাৰতীয় জ্ঞান-সাধন ব্যৱস্থাটোৰ পবিত্ৰতা আৰু মহত্ব উন্মোচনৰ বাবে বিশেষ আদৰ্শ সন্মুখত ৰাখি কাম কৰিছিল৷ বৃটিছ যুগত ভাৰতক সাপৰ যাদুপ্ৰদৰ্শনকাৰী লোকৰ আদিৰ দেশ বুলি বহুলভাৱে প্ৰচাৰ কৰা হৈছিল৷ এই প্ৰচাৰত ভাগ লৈছিল মূলতঃ বৃটিছে আৰু বৃটিছৰ সমৰ্থক কিছুমানে৷’আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এনেদৰে কয় প্ৰখ্যাত সাংবাদিক-লেখক অনন্ত বিজয়ে৷ এই স্মাৰক বক্তৃতাৰ বিষয় আছিল ‘ভাৰতীয় ভাষাৰ লেখনিৰ জ্ঞান আৰু পৰম্পৰা ৷’ ভাষণ প্ৰসংগত তেখেতে কয় – ‘হৰি নাৰায়ণ দত্তবৰুৱাই নিজ ভাষাৰ সাহিত্যৰ বাবে যি বিস্ময়কৰ অৱদান দি থৈ গ’ল তাৰ মূল্যায়ণ হ’ব লাগে ভাৰতীয় সাহিত্যৰ পৰিপ্ৰেক্ষিতত৷ এক কথাত হৰিনাৰায়ণ দত্তবৰুৱা নৱজাগৰণৰ ব্যক্তি আৰু তেখেতক সৰ্বভাৰতীয় পৰ্যাত চিনাকি কৰাই দিয়াটো অসমীয়াৰ কৰ্তব্য’৷ তেখেতে হৰিনাৰায়ণ দত্তবৰুৱাৰ অৱদানক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে৷

অসমৰ বৈষ্ণৱ যুগৰ সাহিত্যৰ গবেষক, সংগ্ৰাহক, সম্পাদক, প্ৰকাশক, অসমৰ মুদ্ৰন শিল্পৰ অগ্ৰণী ব্যক্তি হৰিনাৰায়ণ দত্তবৰুৱাৰ স্মৃতিত যোৱা দুটা বছৰে এই বক্তৃতাৰ আয়োজন কৰি অহা হৈছে৷ এইবাৰৰ বক্তৃতা অনুষ্ঠান আৰম্ভ কৰা হয় জনপ্ৰিয় গায়ক শৰৎ ৰাগৰ কন্ঠৰ হৰিনাৰায়ণ দত্তবৰুৱাৰ প্ৰিয় এটি বৰগীতেৰে৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নাৰায়ণ চন্দ্ৰ তালুকদাৰৰ আদৰণি ভাষণৰ পাচতেই মূল বক্তা অনন্ত বিজয়ক সম্বদ্ধৰ্না জনায় বিশ্ববিদ্যালয়ৰ প্ৰ’টেম উপাচাৰ্য ডঃ প্ৰণবীৰ সিঙে৷ এই দিৱসৰ লগত সংগতি ৰাখি ডঃ ৰুবী গোস্বামী সম্পাদিত ‘সাহিত্যৰত্ন ঃ জীৱন আৰু সাধনা’ গ্ৰন্থখন উন্মোচন কৰে অকাডেমী বঁটা বিজয়ী লেখক অনুৰাধা শৰ্মা পূজাৰীয়ে৷ তেখেতে কয় ‘শৈশৱৰে পৰা হৰিনাৰায়ণ দত্তবৰুৱাৰ নাম শুনি আহিছোঁ, কিন্তু তেখেতৰ কৰ্মৰাজিৰ বিষয়ে বিতং আলোচনা থকা কিতাপৰ সংখ্যা খুব কম৷ এই কিতাপখনে সেই অভাৱ কিছু পৰিমাণে পুৰণ কৰিব’৷

অনুৰাধা শৰ্মাপূজাৰীক সম্বদ্ধৰ্না জনায় ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই৷ অনুষ্ঠানটিৰ ঘোষক প্ৰসিদ্ধ নাট্য-ব্যক্তিত্ব নয়ন প্ৰসাদক সম্বদ্ধৰ্না জনায় ডঃ ৰুবী গোস্বামীয়ে৷ শলাগৰ শৰাই আগবঢ়ায় পৰিবেশ্য কলা শাখাৰ ডীন উৎপল দত্তই৷ হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিৰ বিষয়ে গবেষণা কৰি ডক্টৰেট ডিগ্ৰি লাভ কৰা ডঃ মঞ্জু লস্কৰ আৰু জীৱনী ৰচনা কৰা বোকাখাটৰ ৰাণী বৰদলৈকো সভাত সম্বদ্ধৰ্না জনোৱা হয়৷ সামৰণি ভাষণত বিশ্ববিদ্যালয়ৰ আচাৰ্য ডাঃ নৰেন দত্তই সকলোকে ধন্যবাদ জনায় আৰু হৰিনাৰায়ণ দত্তবৰুৱাৰ বিষয়ে তথ্যচিত্ৰ নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰে উৎপল দত্তক৷ এই সভাত গ্ৰন্থখনৰ কেইগৰাকীমান লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰাছাত্ৰীৰ লগতে উপস্থিত আছিল শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি জীতুল সোণোৱাল, ডঃ পৰমানন্দ মজুমদাৰ, ডঃ অকুন্ঠিতা বৰঠাকুৰ, অৱসৰ প্ৰাপ্ত ডিজিপি ভাস্কৰজ্যোতি মহন্ত, আৰ্কিটেক্ট বিশ্ব দত্ত, অৱনী বৰা, লেখিকা নম্ৰতা দত্ত, চিত্ৰ পৰিচালক কেনী বসুমতাৰী আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তি৷ বিশ্ববিদ্যালয়খনিৰ দেশী বিদেশী ছাত্ৰছাত্ৰীয়ে নিজ দেশৰ পৰম্পৰাগত পোচাক পিন্ধি অতিথি সকলক আদৰণি জনোৱা দৃশ্যই পৰিবেশটিক এটা বিৰল ৰূপ প্ৰদান কৰিছিল৷

Previous Post

লেখক-পাঠক-গ্ৰন্থপ্ৰেমীৰ সমাৱেশত মুখৰিত অসম গ্ৰন্থমেলা, বঙাইগাঁও

Next Post

কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক

কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যপালৰ পৰ্যালোচনা বৈঠক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7