কৃষ্ণাই, ২৫ ডিচেম্বৰঃগোৱালপাৰা জিলাৰ কৃষ্ণাই চাৰিআলি আমবাৰী নিবাসী তথা কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড° চৈয়দ আব্দুল আজিমৰ আজি পুৱা ৮-৩০ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷ উল্লেখ্য যে শিৱসাগৰৰ নাজিৰাত জন্ম গ্ৰহণ কৰা ড° চৈয়দ আব্দুল আজিম পৰবৰ্তী সময়ত কৰ্ম সূত্ৰে কৃষ্ণাইৰ স্থায়ী বাসিন্দা হৈ পৰে। ১৯৮১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আজিমে ৷ তাৰ পিছতে তেওঁ ইতিহাস বিভাগৰ এগৰাকী প্ৰবক্তা ৰূপে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ হাব্ৰাঘাট মহাবিদ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰে ৷
ইয়াৰ মাজতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ বিপৰীতে একেখন বিশ্ববিদ্যালয়ৰ পৰা লোক সংস্কৃতি বিভাগত এম ফিল তথা পিএইচ ডি ডিগ্ৰী লাভ কৰে ৷ ৷ এগৰাকী সফল অধ্যাপক ৰূপে কৰ্ম জীৱন সামৰা চৈয়দ আব্দুল আজিম আছিল একেধাৰে এগৰাকী নাট্যকাৰ , কবি , গীতিকাৰ তথা প্ৰবন্ধকাৰ। তেঁৱৰ কেবাখনো নাটক অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হোৱাৰ বিপৰীতে বহু কেইখন নাটক অনাতাঁৰৰ জৰিয়তেও প্ৰচাৰ হয় ৷
নিজে ইছলাম ধৰ্মী লোক হোৱাৰ পিছতো এজন হিন্দু যুৱকক পুত্ৰৰ দৰে আশ্ৰয় দান কৰি তেওঁ কৃষ্ণাই অঞ্চলত উদাৰতাৰ পৰিচয় দাঙি ধৰিছিল ৷ তেঁৱৰ কেবাখনো প্ৰকাশিত গ্ৰন্থৰ ভিতৰত “গীতৰ শৰাই“ ( গানৰ সংকলন) আৰু “মই আদমে কৈছোঁ“ (কবিতা সংকলন ) নামৰ সংকলন দুখন বহুজন সমাদৃত গ্ৰন্থ ৷ নাট বলিয়া লোক গৰাকীয়ে কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাঁৱৰ পূৱালী সংঘৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ অঞ্চলটোত এক সাংস্কৃতিক পৰিবেশ গঢ়ি তুলিছিল ৷ চৈয়দ আব্দুল আজিমে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কৃষ্ণাই প্ৰেছ ক্লাবৰ লগতো ওতঃপ্ৰোতভাবে জড়িত আছিল ৷ কৃষ্ণাই প্ৰেছ ক্লাবে তেঁৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ কাইলৈ পুৱা ১০ বজাত কৃষ্ণাই চাৰিআলি জামে মছজিদত তেঁৱৰ জানাজা নামাজ সম্পন্ন কৰা হ’ব ৷