VOICE 24x7
Sunday, January 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা জনপ্ৰিয় সাহিত্যিক ড° চৈয়দ আব্দুল আজিমৰ পৰলোক 

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 26, 2022
in মুখ্য সংবাদ
কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা জনপ্ৰিয় সাহিত্যিক ড° চৈয়দ আব্দুল আজিমৰ পৰলোক 
0
SHARES
114
VIEWS
Share on FacebookShare on Twitter

কৃষ্ণাই, ২৫ ডিচেম্বৰঃগোৱালপাৰা জিলাৰ কৃষ্ণাই চাৰিআলি আমবাৰী নিবাসী তথা কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপক ড° চৈয়দ আব্দুল আজিমৰ আজি পুৱা ৮-৩০ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে ৷ উল্লেখ্য যে শিৱসাগৰৰ নাজিৰাত জন্ম গ্ৰহণ কৰা ড° চৈয়দ আব্দুল আজিম পৰবৰ্তী সময়ত কৰ্ম সূত্ৰে কৃষ্ণাইৰ স্থায়ী বাসিন্দা হৈ পৰে।  ১৯৮১ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আজিমে ৷ তাৰ পিছতে তেওঁ ইতিহাস বিভাগৰ এগৰাকী প্ৰবক্তা ৰূপে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ হাব্ৰাঘাট মহাবিদ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰে ৷

ইয়াৰ মাজতে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ বিপৰীতে একেখন বিশ্ববিদ্যালয়ৰ পৰা লোক সংস্কৃতি বিভাগত এম ফিল তথা পিএইচ ডি ডিগ্ৰী লাভ কৰে ৷ ৷ এগৰাকী সফল অধ্যাপক ৰূপে কৰ্ম জীৱন সামৰা চৈয়দ আব্দুল আজিম আছিল একেধাৰে এগৰাকী নাট্যকাৰ , কবি , গীতিকাৰ তথা প্ৰবন্ধকাৰ। তেঁৱৰ কেবাখনো নাটক অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত মঞ্চস্থ হোৱাৰ বিপৰীতে বহু কেইখন নাটক অনাতাঁৰৰ জৰিয়তেও প্ৰচাৰ হয় ৷

নিজে ইছলাম ধৰ্মী লোক হোৱাৰ পিছতো এজন হিন্দু যুৱকক পুত্ৰৰ দৰে আশ্ৰয় দান কৰি তেওঁ কৃষ্ণাই অঞ্চলত উদাৰতাৰ পৰিচয় দাঙি ধৰিছিল ৷ তেঁৱৰ কেবাখনো প্ৰকাশিত গ্ৰন্থৰ ভিতৰত “গীতৰ শৰাই“ ( গানৰ সংকলন) আৰু “মই আদমে কৈছোঁ“ (কবিতা সংকলন ) নামৰ সংকলন দুখন বহুজন সমাদৃত গ্ৰন্থ ৷ নাট বলিয়া লোক গৰাকীয়ে কৃষ্ণাইৰ কাষৰীয়া ভেলাখামাৰ গাঁৱৰ পূৱালী সংঘৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ অঞ্চলটোত এক সাংস্কৃতিক পৰিবেশ গঢ়ি তুলিছিল ৷ চৈয়দ আব্দুল আজিমে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে কৃষ্ণাই প্ৰেছ ক্লাবৰ লগতো ওতঃপ্ৰোতভাবে জড়িত আছিল  ৷ কৃষ্ণাই প্ৰেছ ক্লাবে তেঁৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ কাইলৈ পুৱা ১০ বজাত কৃষ্ণাই চাৰিআলি জামে মছজিদত তেঁৱৰ জানাজা নামাজ সম্পন্ন কৰা হ’ব ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7