ত্ৰিপুৰাৰ খোৱাই জিলাত এগৰাকী চাৰি বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে বুধবাৰে ত্ৰিপুৰাৰ এখন আদালতে এজন লোকক মৃত্যুদণ্ড প্ৰদান কৰে। আজি পৰ্যন্ত জিলাখনত মৃত্যুদণ্ডৰ এয়া প্ৰথম দৃষ্টান্ত।
দোষী কালিচৰণ ত্ৰিপুৰাৰ বিৰুদ্ধে ধৰ্ষণ, হত্যা, অপৰাধৰ প্ৰমাণ ধ্বংস কৰাকে ধৰি কেইবাটাও অপৰাধত দোষী সাৱ্যস্ত কৰা হৈছে ৷ শিশু সুৰক্ষা আইনৰ বিশেষ ন্যায়াধীশ শংকৰী দাসে মৃত্যুদণ্ডৰ আদেশ প্ৰদান কৰে। গোচৰটোত মুঠ ৩৫ জন বিচাৰ সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰা হৈছিল। উল্লেখ্য যে যোৱা বছৰৰ ২২ ফেব্ৰুৱাৰীত খোৱাই জিলাৰ তেলিয়ামুৰাৰ ডুস্কি অঞ্চলৰ পৰা নিৰুদ্দেশ হৈছিল ছোৱালীজনী। পিছত ৬ দিনৰ মূৰত এখন অৰণ্যত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷
গৃহ বিভাগৰ ২০২০ বৰ্ষৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা নাৰীৰ বিৰুদ্ধে বিভিন্ন অপৰাধত জড়িত থকাৰ বাবে ১০ মাহত মুঠ ২০৭ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।এই একে সময়ছোৱাত মহিলাৰ বিৰুদ্ধে মুঠ ২৪০টা অপৰাধৰ গোচৰৰ ভিতৰত ১২৮টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছে।
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো ( এন চি আৰ বি)ৰ প্ৰতিবেদন অনুসৰি ২০১০ চনত ত্ৰিপুৰাত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ সৰ্বাধিক আছিল ৷ ২০১৭ চনত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ ক্ষেত্ৰত ৰাজ্যখনে ১৪ নম্বৰ স্থান লাভ কৰিছিল।