গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) বাহনৰ খুন্দাত আজি গুৱাহাটীৰ হাতীগাঁৱত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত ঘটনা স্থলীতে প্ৰাণ হেৰুৱালে এজন নিৰীহ যুৱকে। আজি পুৱা গুৱাহাটীৰ হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুলৰ সন্মূখত সংঘটিত হয় এই দুৰ্ঘটনাটো । জিএমচিৰ আৱৰ্জনা কঢ়িওৱা এখন ট্ৰাকৰ খুন্দাত নিহত হয় যুৱকজন । জানিবপৰা মতে দ্ৰুতবেগী বাহনখনে যুৱকজনক খুন্দা মৰাৰ ফলত ঘটনাস্থলীত নিহত হয় যুৱকজন ।
মৃত ব্যক্তিজনৰ নাম তীৰ্থ প্ৰতিম ডেকা বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ নাৰেঙ্গী অঞ্চলৰ বাসিন্দা তীৰ্থ প্ৰতিম ডেকাৰ বয়স আছিল ৩২ বছৰ।কেআইএ মটৰ্চত কৰ্মৰত আছিল তেওঁ । তাৰ আগতে হুণ্ডাই মটৰ্চৰ সৈতেও কাম কৰিছিল তীৰ্থই ।
ইতিমধ্যে মহানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (জিএমচিএইচ) প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা জিএমচি বাহনখনত পঞ্জীয়ন নম্বৰ আছিল এএছ ০১ ডিঅ’ ৪৩৬২।
উক্ত দুৰ্ঘটনাৰ পিছতে ক্ষুব্ধ স্থানীয় লোকে হাতীগাঁও-ভেটাপাৰা পথ অৱৰোধ কৰে ।