যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে নিয়োজিত ৰে’ল আৰক্ষীৰ জোৱানৰ গুলীচালনাত চাৰিজন যাত্ৰীৰ মৃত্যু হয় ৷নিহত চাৰিজনৰ ভিতৰত ৰে’ল আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু ৰে’লৰ পেণ্ট্ৰি গাড়ীৰ এজন কৰ্মচাৰীও আছে। ৰাজস্থানৰ জয়পুৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইলৈ যোৱা জয়পুৰ এক্সপ্ৰেছ (১২৯৫৬)ত সোমবাৰে সংঘটিত হয় এই ঘটনা।
ৰে’লৱেৰ তথ্য অনুসৰি সোমবাৰে পুৱা ৫:২৩ বজাত ৰে’লখন পালঘৰ ষ্টেচনৰ কাষেৰে পাৰ হৈ যোৱাৰ সময়ত হঠাতে আৰক্ষী জোৱানজনে নিজৰ অটোমেটিক আগ্নেয়াস্ত্ৰৰে নির্বিচাৰ গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। আৰ পি এফৰ সূত্ৰ অনুসৰি অভিযুক্তৰ নাম চেতন সিং।
পশ্চিম ৰে’লৱেৰ উদ্ধৃতিৰে সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি অভিযুক্ত আৰক্ষী জোৱানজন জয়পুৰ এক্সপ্ৰেছৰ বি ৫ ডবাত যাত্ৰীৰ সুৰক্ষাৰ দায়িত্বত আছিল। চাৰিজন লোকক গুলীয়াই হত্যা কৰাৰ পিছত পালঘৰৰ কাষৰ দহিছাৰ ষ্টেচনত শিকলি টানি ৰেলৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰে। তাৰ আগতে অৱশ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ আগ্নেয়াস্ত্ৰও জব্দ কৰা হৈছে।
কিয় আৰ পি এফৰ জোৱানজনে এনে কাৰ্য সংঘটিত কৰিলে সেই লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। প্ৰথম অৱস্থাত জানিব পৰা মতে, এজন ভুক্তভোগী আৰ পি এফৰ বিষয়াজনৰ চিনাকি, কিন্তু তেওঁৰ কাৰো লগত কোনো বিবাদ নাছিল। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত ব্যক্তিজন মানসিকভাৱে সুস্থ নাছিল। কেইবাদিনো ধৰি তেওঁ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা ছুটী বিচাৰিছিল। ঘটনাৰ আগদিনা তেওঁ কৈছিল যে তেওঁৰ অধৈৰ্য্য অনুভৱ হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁক জিৰণি ল’বলৈও পৰামৰ্শ দিয়া হৈছিল। পিছত তেওঁ ক’লে যে তেওঁ সম্পূৰ্ণ সুস্থ।
সেই ঘটনাৰ পিছত বৰিভালি ষ্টেচনত ৰেলখন ৰখাই দিয়া হয়। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় বাবাছাহেব আম্বেদকাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীলৈ যায় জি আৰ পি আয়োগৰ ৰবীন্দ্ৰ শিশ্বৱে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।