হঠাৎ চৰকাৰৰ এটি সিদ্ধান্তই অন্ধকাৰ নমাই আনিছে ৰাজ্যৰ লক্ষাধিক শিশু শ্ৰমিকক জ্ঞানৰ পোহৰ বিলোৱা আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মীসকলৰ জীৱনলৈ ৷ এক নিৰ্দেশনা যোগে চৰকাৰে ৰাজ্যৰ ৯৬ খন আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্তত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৰ্মী সকলৰ মাজত ৷
নিৰ্দেশাৱলীৰ নিৰ্দেশনা অনুযায়ী চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা বন্ধ কৰি দিয়া হৈছে কামৰূপ (মহানগৰ),শোণিতপুৰ,বিশ্বনাথ আৰু ধেমাজি জিলাৰ ছখনকৈ আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ ৷ ইতিমধ্যে কৰ্ম সংস্থাপনহীন হৈ পৰিছে উক্ত প্ৰশিক্ষণ কেন্দ্ৰ কেইটাত কৰ্মৰত ৫০জন কৰ্মী ৷
সংস্থাপন হীন এই কৰ্মী সকলক লৈ চৰকাৰে কিয় আজি পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়াও বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন ৷ আনহাতে নিৰ্দেশনা অনুযায়ী চলিত বৰ্ষৰ ৩০জুনৰ পৰা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিব বাকী জিলা সমূহত থকা ৯০টা প্ৰশিক্ষণ কেন্দ্ৰসমূহো ৷ ৩০জুনৰ পৰা পুনৰ সংস্থাপন হীন হৈ পৰিব উক্ত প্ৰশিক্ষণ কেন্দ্ৰ সমূহত কৰ্মৰত ৫৫০ গৰাকী কৰ্মী ৷
ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰ ভূমিকাক লৈ এতিয়া জাঙুৰ খাই উঠিছে সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থা ৷ বিধান সভাৰ বাজেট অধিবেশনৰ সময়ত শিশু শ্ৰমিকক আবাসিক নাইবা অনা আবাসিক বিদ্যালয়ত শিক্ষা দানৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়া শিক্ষা মন্ত্ৰীয়ে ৰাজ্যত শিশু শ্ৰমিক নথকাৰ বাবেই কেন্দ্ৰ সমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে ৷ সেয়েহে শিক্ষামন্ত্ৰীৰ পৰস্পৰ বিৰোধী কাণ্ডৰ বিৰুদ্ধে এইবাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি সংস্থাপনহীন হ’বলৈ লোৱা ছশ কৰ্মীৰ বিষয়ে ভাবিবলৈ আহ্বান জনাইছে সদৌ অসম আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ কৰ্মী সংস্থাই ৷
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ লয় সেয়া পৰৱৰ্তী সময়ত হে জানিব পৰা যাব ৷